নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামৰ ফটোযুক্ত বেনাৰত দুর্বৃত্তই সানিলে ক’লা ৰং

🔹 গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা

বিশেষ বাৰ্তা, ২৮ এপ্ৰিল : গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৰামৰ ফটোযুক্ত বেনাৰত দুর্বৃত্তই ক’লা ৰং সনাক লৈ চৰম উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাস্থলীত ফটাশিল, ওদালবাক্ৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। গুৱাহাটীৰ লালগণেশৰ হনুমান মন্দিৰৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। নিৰ্বাচনৰ সময়ত ৰামৰ ছবিত ক’লা ৰং সনাক লৈ বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। সম্প্ৰতি স্থানীয় ৰাইজে ওলাই আহি সাব্যস্ত কৰিছে তীব্ৰ প্রতিবাদ। অঞ্চলটোত ১৪৪ ধাৰা আৰোপৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

You might also like