নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই আজি ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তগত কেঁকুৰি গাঁও পঞ্চায়তত অনুষ্ঠিত কৰা হয় বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিশেষ গাঁওসভা ৷ কেঁকুৰি গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত আৰু পঞ্চায়ত সচিব পাপুল বৰুৱাই আঁত ধৰা বিশেষ গাঁওসভাত পঞ্চ সংকল্প পাঠ কৰোৱায় দীপাংকৰ বৰাই ৷ ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ উপস্থিতিত কেঁকুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত বিশেষ গাঁওসভাত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতা, ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাগ্যশ্ৰী ডেকা, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আদি উপস্থিত থাকে ৷ সভাত সোণাৰি চাপৰি কৃষি চক্ৰৰ কৃষি বিষয়া (ADO) অজন্তা গগৈ, ঢকুৱাখনা মহকুমা মীন বিষয়া দিগন্ত চেতিয়া, ঘিলামৰা সংহত শিশু বিকাশ প্ৰকল্পৰ চিডিপিঅ’ অনিৰুদ্ধ বৰা, দিব্য বৰুবা, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মানবেন্দ্ৰ গগৈ, ৰেচম বিভাগৰ অশ্বিনী কলিতা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাৰ্থ প্ৰতিম বৰুৱা, জলসিঞ্চন বিভাগ, বিদ্যুৎ বিভাগ আদিয়ে নিজৰ নিজৰ বিভাগসমূহৰ জৰিয়তে কৃষক আৰু সাধাৰণ ৰাইজে পাব লগা আৰু লাভ কৰি থকা চৰকাৰী জনমুখী আঁচনিসমূহৰ বিষয়েও অৱগত কৰি উপস্থিত ৰাইজৰে মত বিনিময় কৰি ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয় ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি