নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে। ভজনলাল শৰ্মা হ’ব ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী। ৰাজস্থানত বিজেপিয়ে এক আশ্চৰ্যজনক নতুন মুখক মুখ্যমন্ত্ৰী হিচাপে সুযোগ দিছে। বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে ভজনলাল শৰ্মা নিৰ্বাচিত হৈছে। উল্লেখ্য যে মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ৰ পিছত ৰাজস্থান চমক সৃষ্টি কৰিলে বিজেপিয়ে। কিয়নো তিনিও ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী তিনিজনৰ পেনেলত নামেই নথকা বুলি চৰ্চা হৈছে। মধ্যপ্ৰদেশত ড০ মোহন যাদৱ আৰু ছত্তিশগড়ত বিষ্ণু দেৱ ছাইক নতুন মুখ্যমন্ত্ৰী হিচাপে বিজেপিয়ে নিৰ্বাচন কৰিছে।

#বাৰ্তা ডেস্ক

You might also like