🔹 পুৰুষ প্ৰাৰ্থীৰ সংখ্যাক চেৰ পেলালে মহিলা প্ৰাৰ্থীৰ সংখ্যাই
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ এপ্ৰিল : কালি নিশা শাসকীয় বিজেপি দলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলা পৰিষদকে ধৰি ধুবুৰী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী তালিকাও আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। সেই অনুসৰি, বিজেপিয়ে ধুবুৰী জিলা পৰিষদৰ মুঠ ২০টা সদস্য পদৰ ১৭টাত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে মিত্ৰ দল অগপলৈ এৰিছে ৩টা জিলা পৰিষদৰ সদস্য পদ। প্ৰাপ্ত তথ্য মতে, বিজেপিয়ে ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত বিলাসীপাৰা, গোলকগঞ্জ আৰু বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ আটাইকেইটা জিলা পৰিষদৰ সদস্য পদত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে ধুবুৰীৰ ৪টা জিলা পৰিষদৰ ৩টাত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৪টা জিলা পৰিষদৰ সদস্য পদৰ ২টাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১১নং গাছপাৰা জিলা পৰিষদকে ধৰি গৌৰীপুৰৰ ১৩নং মহামায়া আৰু ১৬ নং সিন্দুৰাই জিলা পৰিষদৰ সদস্য পদৰ আসনকেইখন মিত্ৰজোঁটৰ অংশীদাৰ অগপক প্ৰদান কৰিছে। উল্লেখ্য যে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা ধুবুৰী জিলা পৰিষদৰ সদস্য পদৰ মুঠ ১৭গৰাকী প্ৰাৰ্থীৰ ১০গৰাকীয়ে হ’ল মহিলা। তদুপৰি সংখ্যালঘু ভোটাৰ ৰাইজে নিৰ্ণায়ক ভূমিকা ল’বলগীয়া ধুবুৰী জিলা পৰিষদৰ কেইবাটাও সদস্য পদতো বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিষয়টোও তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ইপিনে, কালি দুপৰীয়াৰ পৰাই পঞ্চায়ত নিৰ্বাচনৰ ধুবুৰী জিলাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু এআইইউডিএফ দলৰো ব্যাপক তৎপৰতা আৰম্ভ হোৱা দেখা গৈছে যদিও বৰ্তমানলৈ আনুষ্ঠানিকভাৱে জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই দল দুটাই। অৱশ্যে এআইইউডিএফ দলৰ এক স্থানীয় সূত্ৰই আজি বিয়লিৰ ভিতৰত ধুবুৰী জিলা পৰিষদৰ প্ৰাৰ্থী তালিকাখন আনুষ্ঠানিকভাৱে সদৰী কৰা হ’ব বুলি দাবী কৰিছে। আনহাতে, নিশ্চিতভাৱে জানিব পৰা যোৱা নাই যদিও আজি নিশাৰ ভিতৰত কংগ্ৰেছ দলেও জিলা পৰিষদৰ সদস্য পদৰ দলীয় প্ৰাৰ্থী তালিকাখন আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলি আশা কৰা হৈছে। ইয়াতে উল্লেখনীয় যে প্ৰাৰ্থিত্বকেন্দ্ৰিক দ্বন্দ্ব আৰু দলটোৰ স্থানীয় নেতৃত্বৰ একাংশৰ মাজত দীৰ্ঘদিনৰ পৰাই থকা অৰিয়াঅৰিৰ বাবে ধুবুৰী জিলা কংগ্ৰেছৰ ভিতৰছোৱাত বৰ্তমানে উমি উমি ক্ষোভৰ জুই জ্বলিবলৈ আৰম্ভ হোৱা বুলি স্থানীয় একাংশ মহলত বু বু-বা বা আৰম্ভ হোৱা পোৱা গৈছে।