নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ পূর্বে জনসম্পর্কৰ লক্ষ্যৰে বিজেপিৰ জন আশীর্বাদ যাত্রা

‘আমি যি কৰিব নোৱাৰিলোঁ তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিম, যিখিনি কৰিব পাৰিলোঁ তাৰ বাবে ৰাইজৰ ওচৰত আশীর্বাদ বিচাৰিম’– এই লক্ষ্যৰে বিজেপিয়ে আৰম্ভ কৰিব জন আশীর্বাদ যাত্রা৷ দলীয় কর্মীক নির্বাচনৰ পূর্বে সক্রিয় তথা উৎসাহিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত শাসকীয় দলটোৱে অহা ২৮ ফেব্রুৱাৰীত আৰম্ভ কৰিব জন আশীর্বাদ যাত্রাৰ কার্যসূচী৷ মুখ্যতঃ প্রচাৰ তথা দলীয় কর্মীক নির্বাচনী মুডত অনাৰ লক্ষ্যৰে আৰম্ভ কৰিবলগা এই যাত্রাৰ শুভাৰম্ভ ২৮ ফেব্রুৱাৰীত হোৱাৰ বিপৰীতে ৯ মার্চলৈ চলিব কার্যসূচী৷

ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰত সেৱা লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰম্ভ কৰিবলগা জন আশীর্বাদ যাত্রা প্রতিদিনে ৮০–৯০ কিঃমিঃ সম্পূর্ণ কৰাৰ লক্ষ্য৷ প্রতিটো দিনতে এক লাখ লোকৰে জনসম্পর্ক স্থাপনৰ লক্ষ্যৰে আৰম্ভ হোৱা এই কার্যসূচীত মুখ্যমন্ত্রী আৰু কেন্দ্রীয় মন্ত্রীৰ উপস্থিতিত অনুষ্ঠিত হ’ব একোখনকৈ সভা৷

এই বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– আমাৰ কার্যকর্তাসকলক ৰাজনৈতিকভাৱে উৎসাহিত কৰাৰ লক্ষ্যৰে আৰম্ভ হ’ব এই জন আশীর্বাদ যাত্রা৷ দৰাচলতে চৰকাৰখন চলি থাকিলে দলীয় কার্যকর্তাসকল নির্বাচনী মুডলৈ নাযায়৷ সেয়েহে দলীয় কার্যকর্তাক নির্বাচনী মুডলৈ আনিবলৈ তথা উৎসাহিত কৰিবলৈ এই জন আশীর্বাদ যাত্রাই দলীয় কার্যকর্তাসকলক উৎসাহিত কৰিব৷ জন আশীর্বাদ যাত্রাত মই মুখ্যমন্ত্রী হিচাপে নাহো, দলীয় কার্যকর্তা হিচাপেহে ৰাইজৰ ওচৰত থিয় হ’ম৷ আমাৰ প্রথম লক্ষ্য হ’ল পলিটিকেল ম’বিলাইজেচন, দ্বিতীয়তে, আমাৰ অসম–ভাৰতত এটা পৰম্পৰা আছে– কিবা এটা কামত যোৱাৰ পূর্বে জ্যেষ্ঠজনৰ আশীর্বাদ ল’ব লাগে৷

যিহেতু নির্বাচন সমাগত, নির্বাচনত আমি প্রতিদ্বন্দ্বিতা কৰিম, সেয়েহে আমি জ্যেষ্ঠজনৰ আশীর্বাদ ল’ম৷ যিখিনি আমি কৰিব নোৱাৰিলোঁ তাৰ বাবে আমি ক্ষমা বিচাৰিম আৰু যিখিনি কৰিব পাৰিলোঁ তাৰ বাবে আমি ৰাইজৰ পৰা আশীর্বাদ বিচাৰিম৷ এয়া হৈছে জন আশীর্বাদ যাত্রাৰ মূল উদ্দেশ্য৷

উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিব খোজা এই জন আশীর্বাদ যাত্রাৰ তত্ত্বাৱধায়ক হিচাপে আছে মন্ত্রী অশোক সিংহল, কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্র মার্ঘেৰিটা আৰু দলৰ সাধাৰণ সম্পাদক অনুপ বর্মন৷

এই সন্দর্ভত মন্ত্রী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে ঢেকীয়াজুলিৰ বৰছলাৰ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰম্ভ কৰিবলগা এই যাত্রা ডুমডুমা, চিৰাজুলি, ঠেলামৰা, নিউ বিহগুৰি হৈ মিছন চাৰিআলিলৈ নেতৃত্ব দিব৷ মিছন চাৰিআলিৰ পৰা তেজপুৰ হৈ মুখ্যমন্ত্রী বালিপৰালৈ এই যাত্রা আগুৱাই নিব৷

উল্লেখ্য যে ২৮ ফেব্রুৱাৰীত আৰম্ভ হ’বলগা এই জন আশীর্বাদ যাত্রাৰ ৯ মার্চত সামৰণি পৰাৰ পাছতে ১৫ মার্চত গুৱাহাটীত এক লাখ যুৱকক লৈ বিজেপিয়ে অনুষ্ঠিত কৰিব যুৱ সমাৰোহ৷ এই যুৱ সমাৰোহৰ জৰিয়তে বিজেপিৰ প্রতি নতুন প্রজন্মক আকর্ষিত কৰাই হ’ব মূল লক্ষ্য৷

মন কৰিবলগীয়া যে জন আশীর্বাদ যাত্রাৰ জৰিয়তে প্রতিটো অঞ্চলত হ’বলগা সভাত ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম–কাজৰ বিস্তৃত বিৱৰণ কৰাই নহয়, অঞ্চলসমূহত চৰকাৰী আঁচনিৰ পৰা কোন বঞ্চিত হৈ আছে, উন্নয়নৰ আঁচনিৰ পৰা কোন এলেকা বঞ্চিত হৈছে সেই সন্দর্ভতো বিস্তৃত তথ্য ল’ব মুখ্যমন্ত্রীয়ে৷

বিজেপিৰ এজন সাধাৰণ কার্যকর্তাৰূপে জন আশীর্বাদ যাত্রাক নেতৃত্ব দিবলগা মুখ্যমন্ত্রীয়ে উত্তৰ অসমৰ পৰা এই জন আশীর্বাদ যাত্রা উজনি অসমলৈ আগুৱাই নিব৷ জন আশীর্বাদ যাত্রাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে বিজেপিয়ে অনুষ্ঠিত কৰিব বিশাল নির্বাচনী সভা৷ কার্যতঃ বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ পূর্বেই দলীয় কর্মীক সক্রিয় কৰাৰ লগতে বিজেপিৰ শক্তিশালী স্থিতি প্রতিপন্ন কৰাই হ’ব এই জন আশীর্বাদ যাত্রাৰ আঁৰৰ উদ্দেশ্য৷

ডিজিটেল ডেস্ক, ২৬ ফেব্রুৱাৰী

You might also like