বিশ্বকাপৰ Do or Die মেচত মুখামুখি ভাৰত-জিম্বাবোৱে
টি–২০ বিশ্বকাপৰ ছুপাৰ ৮ পৰ্যায়ত আজি টীম ইণ্ডিয়াই জিম্বাবৱেৰ সন্মুখীন হ’ব চেন্নাইত। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৬ ৰানত পৰাজয়ৰ পাছত এই খেলখন ভাৰতৰ বাবে এতিয়া Do or Dieৰ দৰে গুৰুত্বপূৰ্ণ হৈ পৰিছে।
আগৰ খেলখনত ৱাশ্বিংটন সুন্দৰক সুযোগ দিয়াৰ সিদ্ধান্ত দলৰ বাবে ফলপ্ৰসূ নহ’ল। তেওঁ না বলিঙত উইকেট লাভ কৰিব পাৰিলে, না বেটিঙত বিশেষ অৱদান আগবঢ়াব পাৰিলে। ফলত উপ–অধিনায়ক অক্ষৰ পেটেলৰ দললৈ প্রত্যাৱৰ্তন প্ৰায় নিশ্চিত বুলি ধৰা হৈছে। অক্ষৰে দলক বেটিং আৰু স্পিন বলিং দুয়ো দিশতে শক্তিশালী কৰিব পাৰে।
মিডল অৰ্ডাৰতো পৰিৱৰ্তনৰ সম্ভাৱনা আছে। ৰিংকু সিঙে এই বিশ্বকাপত ফিনিছাৰৰ ভূমিকা সঠিকভাৱে পালন কৰিব পৰা নাই। তেওঁৰ শেহতীয়া স্ক’ৰসমূহ ৬, ১, ১১*, ৬* আৰু ০। একেদৰে তিলক বাৰ্মা আৰু অভিষেক শৰ্মােয়া আৰম্ভণি ভাল কৰিলেও ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰ কৰিব পৰা নাই। ফলত এই তিনিজনৰ মাজৰ অন্ততঃ দুজন খেলুৱৈ বাহিৰত বহিব লাগিব পাৰে।
এই পৰিস্থিতিত সঞ্জু ছেমছনক সুযোগ দিয়াৰ সম্ভাৱনা আছে। স্পিনৰ বিৰুদ্ধে তেওঁৰ বেটিং দক্ষতা আৰু চেন্নাইৰ ধীৰ পিচত অভিজ্ঞতা দলৰ বাবে লাভজনক হ’ব পাৰে। তেওঁ ৩, ৪ বা ৫ নম্বৰত বেটিং কৰাৰ বিকল্প আগবঢ়ায়।
চেপক পিচ স্পিন সহায়ক হোৱাৰ সম্ভাৱনা থকাৰ বাবে অতিৰিক্ত স্পিনাৰ অন্তৰ্ভুক্ত কৰা হ’ব পাৰে। এনে ক্ষেত্ৰত কুলদীপ যাদৱক প্লেয়িং ইলেভেনত স্থান দিয়াৰ সম্ভাৱনা আছে। তেওঁৰ স্পিনে মাজৰ অভাৰত উইকেট আদায়ত সহায় কৰিব পাৰে।
সম্ভাৱ্য প্লেয়িং-১১ : সঞ্জু চেমছন, অভিষেক শৰ্মা, ঈশান কিষাণ (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, ৰিংকু সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং।
আজিৰ গুৰুত্বপূৰ্ণ খেলখনত ভাৰতৰ লক্ষ্য স্পষ্ট— জয় লাভ কৰি ছেমিফাইনেলৰ আশা জীয়াই ৰখা।
ডিজিটেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী