বিশেষ বাৰ্তা, ১৫ মাৰ্চ : মহানগৰীৰ খ্ৰীষ্টানবস্তিত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি পুৱা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, ভাৰাঘৰত বাস কৰিছিল যুৱতীগৰাকীয়ে। মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকী তৃষ্ণা কাকতি বুলি চিনাক্ত কৰা হৈছে। প্ৰেমিকৰ সৈতে একেলগে আছিল যুৱতীগৰাকী। ইতিমধ্যে বিষ্ণু নামৰ যুৱকজনক আটক কৰিছে আৰক্ষীয়ে। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ঘটনাৰ সবিশেষ জানিব পৰা হ’ব।
Prev Post
You might also like