নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ মেধিপাৰাত পানী যুৱলিত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা,  ২৪ ফেব্ৰুৱাৰী : নগৰবেৰা থানাৰ অন্তৰ্গত মেধিপাৰা গাঁৱৰ পাছফালে থকা জলজলী নৈৰ ঘাটৰ পানী যুৱলিত শনিবাৰে পুৱাই এটা অচিনাক্ত অৰ্ধগলিত মৃতদেহ ওপঙি থকাৰ খবৰে চাঞ্চল্য বিয়পায় অঞ্চলজুৰি | শনিবাৰে পুৱাতেই নৈৰ পাৰত ওমলি থকা কেইটিমান শিশুই প্ৰথমে মৃতদেহটো পানী যুৱলিত প্ৰত্যক্ষ কৰি গাঁৱৰ জ্যেষ্ঠসকলক খবৰ দিয়ে | মুহূৰ্ততে খবৰটো ৰাষ্ট্ৰ হৈ পৰাত সকলোৰে মাজত কৌতূহল জাগে। অৰ্ধগলিত আৰু মুখখন তললৈ হৈ থকাত চিনাক্ত কৰিব পৰা নগ’ল মৃতদেহটো | মৃতদেহটো পুৰুষৰ বুলি অনুমান কৰিছে সকলোৱে। আনহাতে, হালধীয়া ছাৰ্ট বা জেকেট পিন্ধি আছে যেন লাগে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like