নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কান্ধত বন্দুক লৈ পৰীক্ষাৰ প্রস্তুতি ছাত্রৰ

🔹 অগ্নিগর্ভ মণিপুৰৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল

বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : মণিপুৰত গোষ্ঠী সংঘর্ষৰ আতংক এতিয়াও হ্রাস পোৱা নাই৷ কুকি আৰু মেইটেই সম্প্রদায়ৰ মাজত সঘনে চলি আছে সংঘর্ষ৷ হিংসাৰ মাজতেই ৰাজ্যখনত চলিছে দ্বাদশ শ্রেণীৰ পৰীক্ষা৷ এফালে জীৱনৰ অন্যতম এক গুৰুত্বপূর্ণ অধ্যায়, আনফালে ঘৰ ৰক্ষা কৰাৰ সংগ্রাম৷ সেইবাবে এতিয়া বাংকাৰত থাকি অস্ত্র হাতত লৈয়েই পঢ়া–শুনা কৰিছে বহু ছাত্রই৷ ১৯ বছৰীয়া চেইখোচোন হাউকিপে বাংকাৰত বন্দুক হাতত লৈ পৰীক্ষাৰ প্রস্তুতি চলাইছে৷ ঘৰৰ সন্মুখতে বাংকাৰ স্থাপন কৰি এনেদৰে বহু ছাত্রই পৰীক্ষাৰ প্রস্তুতি চলোৱা আলোকচিত্র আৰু ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷

You might also like