নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰমাণু অস্ত্রবাহী ছুপাৰছ’নিক যুদ্ধ বিমানত পুটিন

বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : ইউক্রেইন যুদ্ধৰ দুবছৰ পূর্তিৰ পূর্বে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনক পৰমাণু অস্ত্রবাহী যুদ্ধ বিমানত যাত্রা কৰা দেখিবলৈ পোৱা গ’ল৷ পৰমাণু অস্ত্রবাহী যুদ্ধ বিমানত পুটিনে উৰা মৰাৰ পাছতে আমেৰিকাসহ পাশ্চাত্যৰ দেশসমূহৰ বিৰুদ্ধে এয়া ‘পৰমাণু আক্রমণ’ৰ বার্তা বুলি বিভিন্ন মহলত বিষয়টোক লৈ সৃষ্টি হৈছে চর্চা৷ আন্তর্জাতিক কূটনীতিত পুটিনৰ এই পদক্ষেপে কৌতূহলৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে যুদ্ধ বিমানত পুটিনে প্রৱেশ কৰা এক ভিডিঅ’ ইতিমধ্যে প্রকাশ কৰিছে ৰাছিয়াৰ চৰকাৰী টেলিভিছন চেনেলে৷ ৰুছ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, মধ্য ৰাছিয়াৰ কাজান চহৰৰ বিমান নির্মাতা সংস্থা ‘কাজান এভিয়েচন প্লেণ্ট’ৰ ৰানৱেৰ পৰা টিউ–১৬০এম ছুপাৰছ’নিক যুদ্ধ বিমানেৰে যাত্রা কৰে পুটিনে৷ প্রায় আধাঘণ্টা আকাশত উৰাৰ পাছত বিমানখনে অৱতৰণ কৰে৷ উল্লেখনীয় যে ৰুছ অধিকৃত ইউক্রেইন ভূখণ্ড ক্রিমিয়াৰ পৰা নিলগৰ কৃষ্ণ সাগৰত আমেৰিকা নেতৃত্বাধীন ‘নাটো’ বাহিনীৰ নৌ সেনাৰ ঘাটিক লৈ বিগত কেইবাসপ্তাহো ধৰি উত্তেজনা চলি আছে৷ এনে পৰিস্থিতিত পুটিনে পৰমাণু অস্ত্রবাহী যুদ্ধ বিমানেৰে ভ্রমণ কৰা বিষয়টোক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখনীয় যে ২০২২ চনৰ ২৪ ফেব্রুৱাৰীৰ পুৱা ৬ বজাত চৰকাৰী টেলিভিছন চেনেলযোগে ৰুছবাসীক সম্বোধি দিয়া ভাষণত পুটিনে ইউক্রেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ কথা ঘোষণা কৰিছিল৷ আজি দুবছৰ সম্পূর্ণ হয় এই সামৰিক অভিযানৰ৷ ইউক্রেইন যুদ্ধৰ দুবছৰ পূর্তিয়ে সাম্প্রতিক সময়ত ‘নাটো’ বাহিনীৰ সক্রিয়তাক নতুন মোৰ প্রদান কৰিব বুলি সামৰিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে পুটিনে পাৰমাণৱিক অস্ত্রবাহী যুদ্ধ বিমানত উঠি দেশখনৰ পাৰমাণৱিক বাহিনীৰ সক্রিয়তাৰ দিশটোক পর্যবেক্ষণ কৰা বুলি বিশেষজ্ঞসকলে চর্চা কৰিছে৷

You might also like