নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুবুৰীয়া ৩ ৰাষ্ট্ৰলৈ যাত্ৰা কৰা কাৰ ৰেলীক ঢালিগাঁৱত উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : ‘নৰ্থ ইষ্ট ফেডাৰেচন অন ইন্টাৰনেচনেল ট্ৰেড’ চমুকৈ ‘নেফিট’ৰ উদ্যোগত চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সংযোগ স্থাপনৰ উদ্দেশ্যে আৰম্ভ কৰা ‘কাৰ ৰেলী’ক আজি ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰত উষ্ম আদৰণি জনোৱা হয়। আজি পুৱাৰ ভাগত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই গুৱাহাটীত ফ্লেগ অফ কৰা কাৰ ৰেলী দুপৰীয়া চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীত উপস্থিত হয়। আই আই টি গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ অনুপ গগৈৰ নেতৃত্বত বাংলাদেশ, ভূটান আৰু নেপাললৈ আৰম্ভ কৰা সোতৰজনীয়া দলটোৰ সদস্যসকলক বঙাইগাঁও শোধনাগাৰৰ চম্পা ক্লাবত শোধনাগাৰ কৰ্তৃপক্ষই উষ্ম আদৰণি জনায়। চম্পা ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত বিজিআৰৰ মুখ্য মহাপ্ৰবন্ধক (কাৰিকৰী) জগত জ্যোতি দাসে আদৰণী ভাষণ প্ৰদান কৰে। শোধনাগাৰৰ বিষয়া-কৰ্মচাৰীসকলে দলটোৰ মুৰব্বী ড৹ অনুপ গগৈ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ প্ৰমুখ্যে দলটোৰ অন্যান্য সদস্যসকলক ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে উষ্ম আদৰণি জনায়।  জ্যেষ্ঠ সাংবাদিক বৰদলৈয়ে বাংলাদেশ, ভূটান আৰু নেপালত বিভিন্ন চেম্বাৰ্চ অৱ কমাৰ্চৰে একাধিক  বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি স্বদেশী ঔদ্যোগিক তথা বাণিজ্যিক প্ৰতিষ্ঠানসমূহে চুবুৰীয়া ৰাষ্ট্ৰকেইখনত গৈ বাণিজ্যিক প্ৰসাৰৰ সুযোগ আৰু সুবিধা লাভৰ পথ মুকলি কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। বন্ধুত্বপূৰ্ণ কাৰ ৰেলী-২০২৩ৰ অংশগ্ৰহণকাৰীসকলে দুপৰীয়া বঙাইগাঁও শোধনাগাৰৰ আতিথ্য গ্ৰহণৰ পাছত বিয়লি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেংফু হৈ ৰাষ্ট্ৰখনৰ ৰাজধানী থিম্ফু অভিমুখে আৰম্ভ কৰা যাত্ৰা শুভ আৰু আনন্দময় হোৱাৰ কামনাৰে শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী নয়ন কুমাৰ বৰুৱাই পতাকা জোকাৰি বিদায় সম্ভাষণ জনায়। থিম্ফুৰ পৰা শিলিগুৰি, নেপাল, মেঘালয় হৈ বাংলাদেশত উপস্থিত হোৱাৰ পিছত ৯ অক্টোবৰত গুৱাহাটীত যাত্ৰাৰ সামৰণি মাৰিব বুলিও জ্যেষ্ঠ সাংবাদিক বৰদলৈয়ে জানিবলৈ দিয়ে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like