নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 কচুৱাৰ পুঠিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকক ঘেৰাও অভিভাৱক-স্থানীয় ৰাইজৰ

🔹 বিদ্যালয়ত মধ্যাহ্ন ভোজনত অনিয়মৰ অভিযোগ
বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : নগাঁও জিলাৰ কচুৱাৰ পুঠিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন, বিনামূলীয়া ইউনিফৰ্ম আঁচনিৰ ৰূপায়ণৰ নামত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠি আহিছে। এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দিলেও কোনোধৰণৰ গুৰুত্ব নিদিয়ে। উপায়হীন হৈ নগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত পুঠিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকক ঘেৰাও কৰে অভিভাৱক আৰু স্থানীয় ৰাইজে। বিভিন্ন শ্লগান দি ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে বিদ্যালয়খনত মধ্যাহ্ন ভোজন, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম, আন্তঃগাঁথনি ধনৰ ক্ষেত্ৰত চলা অনিয়ম সম্পৰ্কত এই কাৰ্যসূচী হাতত লয় অভিভাৱক আৰু স্থানীয় ৰাইজে। অভিযোগ মতে, মধ্যাহ্ন ভোজনৰ বহু বেগ চাউল গুদামতে পচিবলৈ আৰম্ভ কৰিছে আৰু এই পচা চাউলকে ছাত্ৰ-ছাত্ৰীক খুৱাই আছে বিদ্যালয় কৰ্তৃপক্ষই। তদুপৰি অহা বৃহস্পতিবাৰৰ পৰা ছাত্ৰ-ছাত্ৰীৰ ছয়মাহিলি পৰীক্ষা আৰম্ভ হব যদিও ছাত্ৰ-ছাত্ৰীক আজিকোপতি পাঠ্যপুথি যোগান ধৰিব পৰা নাই বিদ্যালয় কৰ্তৃপক্ষই। এইবোৰৰ উপৰি বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্ননৰ ধনৰ পৰিচালনা সমিতিৰ ওচৰত কোনো হিচাপ দাখিল নকৰাৰ অভিযোগ কৰে। এইবোৰৰ উপৰি বিদ্যালয়খনৰ শিক্ষকসকল সময়তকৈ আগতে বিদ্যালয়ৰ পৰা গুচি যোৱাৰ অভিযোগ তোলে অভিভাৱকসকলে। তদুপৰি নামভৰ্তিৰ সময়ত ছাত্র-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে। এই সন্দৰ্ভত উপযুক্ত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে অভিভাৱক আৰু স্থানীয় সচেতন লোকে নগাঁও জিলা আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে।
প্ৰেৰক কনক হাজৰিকা
You might also like