নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত প্ৰেমিকাক হত্যা কৰি মৃতদেহ পেলালে নোনা নৈত

নিয়মীয়া বাৰ্তা, ১৮ মে’ :  ৰঙিয়া থানাত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰেমিকাক প্ৰেমিকে হত্যা কৰা ঘটনাক লৈ পৰিৱেশ উত্তাল হৈ পৰে । প্ৰেমিকাক হত্যা কৰাৰ পিছত থানাত আত্মসমৰ্পণ কৰে প্ৰেমিকে। ৰঙিয়াৰ তুলসীবাৰীৰ মাহতলীৰ প্ৰেমিক তফিকুল আলীয়ে একে গাঁৱৰে প্ৰেমিকা চানিয়াৰা বেগম (মাজনী)ক হত্যা কৰে । জানিব পৰা মতে, প্ৰেমিক-প্ৰেমিকাহালে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল । ছমাহ পূৰ্বে প্ৰেমিক-প্ৰেমিকাহালৰ পৰিয়ালৰ মাজত হৈছিল বিয়াৰ চুক্তি । এনে সময়তে প্ৰেমিক তফিকুলে প্ৰেমিকাক হত্যা কৰি নোনা নৈত পেলাই দিয়ে । কিন্তু কি পৰিস্থিতিত প্ৰেমিকে প্ৰেমিকাক হত্যা কৰিলে, সেয়া ৰহস্যৰ আৱৰ্তত । অভিযোগ অনুসৰি, ৰঙিয়া আৰু নলবাৰীৰ সীমান্তৱৰ্তী নোনা নৈৰ মথাউৰিত নিশা তিনি বজাত তফিকুলে লৈ গৈ ডিঙি চেপি হত্যা কৰি নৈত পেলাই দিয়ে প্ৰেমিকাৰ মৃতদেহ । প্ৰেমিকাক হত্যা কৰি পিছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী প্ৰেমিকে । ঘটনা অনুসৰি ৰঙিয়াৰ ইছাপুৰৰ চানিয়াৰা বেগমৰ সৈতে ৰঙিয়াৰ মাহতলীৰ তফিকুল আলীৰ আছিল প্ৰেমৰ সম্পৰ্ক । ছমাহ পূৰ্বে দুয়োৰে ঘৰৰ মাজত বিবাহক লৈ আলোচনা হৈছিল । যোৱানিশা প্ৰেমিকা চানিয়াৰা বেগমক ঘৰৰ পৰা উলিয়াই আনি প্ৰেমিকজনে নোনা নৈত হত্যা কৰি পেলাই থয়। আজি পুৱাৰ ভাগত প্ৰেমিক তফিকুল আলীয়ে হত্যা কৰাৰ কথা স্বীকাৰ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । তাৰ পাছতে লাগে হুৱাদুৱা। প্ৰেমিকা চানিয়াৰা বেগমৰ পৰিয়ালৰ লোকে থানাত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ জেৰাত হত্যাকাৰী তফিকুল আলীয়ে হত্যা কৰি পেলাই থোৱা স্থানলৈ আৰক্ষীক লৈ যায়। মৃতদেহ উদ্ধাৰ কৰে নোনা নৈৰ সমীপত। মৃত চানিয়াৰা বেগমক মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে GMCHলৈ। আৰক্ষীৰ তদন্তত ওলাই পৰিব কিয় প্ৰেমিক তফিকুল আলীয়ে প্ৰেমিকা চানিয়াৰা বেগমক মাজনিশা নৈৰ পাৰত নি ডিঙি চেপি হত্যা কৰিলে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like