🔹 চহী জালিয়াতিৰে বেংকৰ পৰা ঋণ লৈ গোপনে ভগাই লোৱাৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : ঢকুৱাখনা উপ-জিলাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সোণাৰি চাপৰি গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ জ্যোতি আত্মসহায়ক গোটৰ ৬গৰাকী সদস্যাৰ চহী জালিয়াতি কৰি গোটটোৰ সভানেত্ৰী বিন্তি সোণোৱাল দিহিঙীয়া আৰু সম্পাদিকা মৌচুমী মিলি দিহিঙীয়াই গোটৰ সদস্যাসকলৰ অজ্ঞাতে অসম গ্ৰামীণ বিকাশ বেংকৰ ঢকুৱাখনা শাখাৰ পৰা ৪ লাখ টকা ঋণ লৈ ৪গৰাকী সদস্যাই গোপনে ভগাই লোৱাৰ অভিযোগ তুলি আইনৰ দ্বাৰস্থ হোৱাৰ পিছতে পুনৰ ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত আয়ুক্তৰ ওচৰতো অভিযোগ দাখিল কৰিছে গোটটোৰ আন সদস্যাসকলে ৷ গোটৰ একাংশ সদস্যাৰ জাল চহীৰে সভা অনুষ্ঠিত কৰি বেংকৰ পৰা লোণ লোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সদস্যাকেইগৰাকীয়ে সভানেত্ৰী আৰু সম্পাদিকাৰ বিৰুদ্ধে সোণাৰি চাপৰি আৰক্ষী চকীত গোচৰ তৰাত সোণাৰি চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত প্ৰভাৰীগৰাকীয়ে দুয়োপক্ষকে আমন্ত্ৰণ কৰি আনি বেংকমিত্ৰ হৰিপ্ৰিয়া দেউৰীৰ উপস্থিতিত নটাৰীযোগে মীমাংসা কৰিবলৈ আহ্বান জনায় যদিও সভানেত্ৰী-সম্পাদিকাই নটাৰী কৰাৰ পৰা বিৰত থকাত পুনৰ ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত আয়ুক্তক অভিযোগ দাখিল কৰিছে সদস্যাকেইগৰাকীয়ে ৷
আনহাতে, জ্যোতি আত্মসহায়ক গোটৰ সদস্যাকেইগৰাকীয়ে সদস্যাৰ ভুৱা স্বাক্ষৰেৰে বেংকৰ পৰা ঋণ লোৱাৰ ক্ষেত্ৰত বেংকমিত্ৰ হৰিপ্ৰিয়া দেউৰী আৰু বেংক কৰ্তৃপক্ষ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে যদিও উক্ত ঘটনাৰ লগত বেংক কৰ্তৃপক্ষ জড়িত নহয় বুলিও জানিবলৈ দিয়ে অসম গ্ৰামীণ বিকাশ বেংকৰ ঢকুৱাখনা শাখাৰ শাখা প্ৰবন্ধকগৰাকীয়ে ৷ জ্যোতি আত্মসহায়ক গোটৰ ৫গৰাকী সদস্যাই আজি ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত আয়ুক্তক দাখিল কৰা আবেদনখন অতিৰিক্ত আয়ুক্তৰ হৈ Assistant commissioner Mirtabrinda gogoi-এ গ্ৰহণ কৰি যাৱতীয় কাৰ্যব্যৱস্থা হাতত লয় বুলিও জানিবলৈ দিয়ে গোটটোৰ সদস্যাকেইগৰাকীয়ে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি