নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেমেকা শাৰদ; আজি মহাসপ্তমী

ষষ্ঠীৰ বেদীত প্রতিষ্ঠা শক্তিৰ অধিষ্ঠাত্রী

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ প্রতীক্ষাৰ অন্ত পেলাই পূজাৰীৰ মন্ত্রোচ্চাৰণ, আয়তীৰ উৰুলি, ঢ়াক–ঢ়োল, দবা–কাঁহ–শংখধ্বনিৰ মাজেৰে ষষ্ঠীৰ বেদীত প্রাণ পালে মহিষমর্দিনীয়ে৷ আৰম্ভ হ’ল শাৰদীয় দুর্গোৎসৱ৷

ক’ৰোনাজনিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত জাকজমকতা পৰিহাৰ কৰি সম্পূর্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সম্পন্ন কৰা হয় ষষ্ঠীৰ যথাবিহিত পূজা৷ ইফালে কাইলৈ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সেমেকা শাৰদৰ মাজতে মহাসপ্তমীৰ পূজা–র্চনাৰ বাবে সাজু হৈছে ভক্তগণ৷ পঞ্জিকা অনুসৰি দিনৰ ৮ বাজি ১৪ মিনিট ২১ ছেকেণ্ডৰ পৰা দিনৰ ৮ বাজি ৫৬ মিনিট ২১ ছেকেণ্ডৰ ভিতৰত আৰম্ভ হ’ব শ্রীশ্রীশাৰদীয় দুর্গাদেৱীৰ নৱপত্রিকা প্রৱেশ স্থাপন আৰু সপ্তমাদি কল্পাৰাম্ভ৷ নিশা ১০ বাজি ৪৩ মিনিট ৩০ ছেকেণ্ডৰ পৰা ১১ বাজি ৪১ মিনিট ৩০ ছেকেণ্ডৰ ভিতৰত অনুষ্ঠিত হ’ব শ্রীশ্রীদুর্গাদেৱীৰ অর্ধৰাত্রি বিহিত পূজা৷

মহাসপ্তমীত দেৱীৰ যথাবিহিত পূজাৰ বাবে সকলো ধৰণৰ প্রস্তুতি সম্পন্ন কৰিছে আয়োজকসকলে৷ শাৰদীয় দুর্গোৎসৱৰ কাইলৈৰ দিনটোত বলি–বিধানেৰে মা দুর্গাৰ পূজা–র্চনা কৰিব ভক্তসকলে৷ বিশেষকৈ ঐতিহাসিক দেৱালয়সমূহত ম’হ বলিৰ লগতে পঞ্চবলি সম্পন্ন কৰা হ’ব৷ অৱশ্যে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে দেৱালয়সমূহত বলি–বিধানৰ ক্ষেত্রত যথেষ্ট সীমাবদ্ধতা আৰোপ কৰা হৈছে৷ বহুসংখ্যক দেৱালয়ত এইবাৰ ৰাজহুৱা বলি–বিধান নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ পৰিৱর্তে দেৱালয় পৰিচালনা কমিটীসমূহে নিজাববীয়াকৈ বলি–বিধানৰ ব্যৱস্থা কৰিছে৷ শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈ পৰিচালনা সমিতিৰ তৰফৰ পৰা ম’হ বলি দিয়া হ’ব৷ আহিন মাহটো ‘মল’ মাহ হোৱা বাবে কামাখ্যাৰ দুর্গাপূজা এইবাৰ ৪৫ দিনীয়া হৈছে৷ জিলা প্রশাসনে বান্ধি দিয়া নীতি–নির্দেশনাৰ মাজেৰেহে দুর্গাপূজাৰ দিনকেইটাত মন্দিৰ চৌহদত প্রৱেশ কৰিব পাৰিব ভক্তসকলে৷

ইফালে, উগ্রতাৰা দেৱালয়তো এইবাৰ ৰাজহুৱা বলি–বিধান বন্ধ ৰখা হৈছে৷ ইয়াৰ পৰিৱর্তে উগ্রতাৰা দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা ম’হ বলি আৰু পঞ্চবলিৰ ব্যৱস্থা কৰা হৈছে৷ একেদৰে ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ত এইবাৰ কেৱল মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা ম’হ বলি দিয়া হ’ব৷ ক’ভিড সংক্রমণৰ বাবে ৰাজহুৱা বলি–বিধান বন্ধ কৰা হৈছে বিল্বেশ্বৰ দেৱালয়তে৷ আনহাতে, ষষ্ঠীৰ পূজাৰ লগে লগে শাৰদীয় দুর্গোৎসৱৰ উন্মাদনাত বিভোৰ হৈ পৰে ৰাজ্যবাসী৷ কিন্তু এইবাৰ ৰাজ্যজুৰি পৰিলক্ষিত হৈছে ইয়াৰ সম্পূর্ণ বিপৰীত পৰিস্থিতি৷ ৰংহীন শাৰদীয় দুর্গোৎসৱৰ সেমেকা পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ প্রান্তে প্রান্তে৷ নাই জাকজমকতা৷ লাখ লাখ টকা ব্যয়েৰে প্রকাণ্ড মণ্ডপ সাজি উলিওৱা কমিটীসমূহে সাধাৰণভাৱেই আয়োজন কৰিছে পূজাৰ৷ অধিকাংশই ঘট পূজা সমাপনেৰে কেৱল আনুষ্ঠানিক আৰু পৰম্পৰাহে ৰক্ষা কৰিছে৷ দুর্গোৎসৱৰ সময়ত প্রতিবাৰেই ৰঙীন আলোকসজ্জাৰে জিলিক উঠা গুৱাহাটী মহানগৰী আৰু চহৰ–নগৰসমূহত্ এইবাৰ নাই পোহৰৰ খেলা৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীত এইবাৰ ৪৬৬খন পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে৷ তদুপৰি ব্যক্তিগতভাৱেও কিছু লোকে আয়োজন কৰিছে দুর্গাপূজাৰ৷ কিন্তু দুর্গোৎসৱৰ সময়ত প্রতিখন পূজা কমিটীয়েই পালন কৰিব লাগিব ক’ভিড প্রট’কল৷ পূজাৰী আৰু পৰিচালনা সমিতিৰ সদস্যসকলে ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে৷ একেদৰে পূজা আয়োজনৰ ক্ষেত্রত আন কেতবোৰ নিষেধাজ্ঞা আৰু সীমাবদ্ধতা আৰোপ কৰিছে ৰাজ্য চৰকাৰে৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণে ভক্তসকলৰ উছাহ–উদ্দীপনা হ্রাস কৰিলেও সমাজৰ অসূয়া–প্রীতি নাশ কৰি শান্তি–সুখ–সমৃদ্ধি প্রতিষ্ঠাৰ হকে ভক্তপ্রাণ ৰাইজে দুর্গতিনাশিনীৰ চৰণত প্রার্থনা জনাব– সর্বভূত্য যদা দেৱী স্বর্গমুক্তি প্রদায়িনী/ত্বংস্তুতা কা বা ভবন্তু পৰমোক্তয়ঃ/সর্বস্য বুদ্ধিৰূপেন জনস্য হূদি সংস্থিতে/স্বর্গাপৰর্গদে দেৱি নাৰায়নি নমোহস্তুতে৷

You might also like