নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী কাণ্ডৰ জুই জ্বলি থকাৰ সময়তে পোহৰলৈ আন এক চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ লাভ জেহাদৰ ঘটনা। এইবাৰৰ ঘটনাৰ স্থান হল ধুবুৰী জিলাৰ বিলাসীপাৰাত। এজন মুছলমান যুৱকে ব্লেকমেইলিং কৰি হিন্দু যুৱতীৰ লগত সংঘটিত কৰিছে ভয়ংকৰ লাভ জেহাদ। ঘটনাক লৈ বিলাসীপাৰা থানাত ৫জনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

বিলাসীপাৰাৰ সূৰ্যখাতা দ্বিতীয় খণ্ডৰ মিনাৰ হুছেইন নামৰ মুছলমান যুৱকে নিজকে হিন্দুৰ পৰিচয় দি লুটাপাৰা গাঁৱৰ এগৰাকী হিন্দু যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। প্ৰেমৰ সম্পৰ্কৰ ছলনাৰে যুৱতীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি দুই নম্বৰী কায়দাৰে মোবাইলত বন্দি কৰি ৰাখিছিল অশ্লীল দৃশ্য।

পিছলৈ সেই দৃশ্যৰে ব্লেকমেইলিং কৰি যুৱতীগৰাকীক ইছলাম ধৰ্মলৈ পৰিৱৰ্তন কৰি বিয়াৰ সময়ত খাদিজা বেগম নাম ৰাখি বিবাহ কৰিছিল হিন্দু যুৱতীগৰাকীক। মিছা বিবাহ কৰি ভাৰাঘৰত লৈ যুৱতীগৰাকীৰ ওপৰত লম্পট মিনাৰে আৰম্ভ কৰিছিল শাৰীৰিক, মানসিক নিৰ্যাতন।

সমান্তৰালভাৱে দুষ্ট মিনাৰে হিন্দু যুৱতীগৰাকীক চলাইছিল যৌন উৎপীড়ন। পিছলৈ মিনাৰ হুছেইনক মুছলমান যুৱক বুলি গম পাইছিল হিন্দু যুৱতীগৰাকীয়ে। এই সমগ্ৰ ঘটনা এজহাৰত বৰ্ণনা কৰিছে ভুক্তভোগী হিন্দু যুৱতীগৰাকীয়ে।

মিনাৰৰ অস্বাভাৱিক আৰু অমানৱীয় নিৰ্যাতন সহ্য কৰিৱ নোৱাৰি যুৱতীগৰাকী কাষ চাপিছিল বিলাসীপাৰা আৰক্ষীৰ। কিন্তু বিলাসীপাৰা আৰক্ষীয়ে আচামীৰ সৈতে  মিলি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে।

বিলাসীপাৰা আৰক্ষীৰ পৰা ন্যায় নাপাই  নিৰুপায় হৈ যুৱতীজনীয়ে কাষ চাপিছিল ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। অৱশেষত বিলাসীপাৰা আৰক্ষীয়ে মিনাৰ হুছেইন, ইউছব আলী, গোলেবানু বিবি, মাফ্ৰুজা বেগম আৰু নওসাদ আলীসহ ৫জনৈক লোকৰ বিৰুদ্ধে 144/26 নম্বৰত গোচৰ ৰুজু কৰিছে যদিও বৰ্তমান লৈ আচামীৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। এই চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

ডিজিটেল ডেস্ক, ২ জুন

You might also like