নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিশোৰীক নিৰ্যাতন : জামিন লাভ ডিব্ৰুগড়ৰ দেৱজিত দত্ত-কাৰাৰুদ্ধ পত্নী ববীৰ

🔴১১ বছৰে কিশোৰীৰ ওপৰত চলাইছিল জঘন্য শাৰীৰিক নিৰ্যাতন আৰু উৎপীড়ন
🔴বেলনা মাৰিৰে কোবাই পাঁচটাকৈ দাঁত ভাঙিছিল ববীয়ে
🔴মূৰত মাৰিও মূৰ ফালিছিল বিউটীপাৰ্লাৰৰ মালিক ববী কলিতাই
বিশেষ বাৰ্তা, ১০ মে’ : সমগ্ৰ ৰাজ্য কঁপাই যোৱা ডাঃ সংগীতা দত্তৰ দৰেই এক ভয়ানক কাণ্ড ডিব্ৰুগড়ত সংঘটিত হোৱাৰ কাহিনী উদঘাটন হৈছিল যোৱা ১২ এপ্ৰিলত। শুনিলেই চকু কপালত উঠা এক জঘন্য কাহিনী। চিকিৎসকৰ দৰে পেশাত থকা ব্যক্তিৰ ঘৰতেই এনে পশুতুল্য, জঘন্য, অমানৱীয়, গাৰ নোম শিয়ৰি উঠা কাণ্ড সংঘটিত হৈছিল। উক্ত ঘটনাৰ লগত ডিব্ৰুগড়ৰ বিশিষ্ট চৰ্মৰোগ চিকিৎসক ডাঃ দেৱজিত দত্তৰ নাম সাঙোৰ খাই পৰাৰ লগতে তেওঁৰ দ্বিতীয় পত্নী ববী কলিতা দত্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যোৱা ১৩ এপ্ৰিলত। তাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰিছিল চিকিৎসক দেৱজিত দত্ত। নিৰ্বাচনৰ গৰম বতাহ আৰু ৰঙালী বিহুৰ সময়তে ডিব্ৰুগড়ত সংঘটিত হৈছিল উক্ত জঘন্য, পাষৱিক ঘটনা। যি ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। এবছৰ, দুবছৰ নহয়; সুদীৰ্ঘ প্ৰায় ১১ বছৰে চলিছিল এগৰাকী কিশোৰীৰ ওপৰত জঘন্য শাৰীৰিক নিৰ্যাতন আৰু উৎপীড়ন। গৰম পানী গালৈ দলিয়াই দিয়া, গৰম ইষ্ট্ৰী পিঠিত লগাই দিয়া,দিনৰ পাছত দিন ধৰি ঘৰত তলা মাৰি আবদ্ধ কৰি থোৱা ইত্যাদি ঘটনা চলি আছিল কিশোৰী গৰাকীৰ ওপৰত। ইমানৰ পাছতো কিশোৰীয়ে নিৰবে সহি গৈছিল কেৱল প্ৰাণৰ মমতাত। শেহতীয়াকৈ এই ঘটনা ডিব্ৰুগড়ৰ চি ডব্লিউ চিৰ (চাইল্ড ৱেলফেয়াৰ কমিটি) সহযোগত পোহৰলৈ আহে আৰু ঘটনাৰ লগত জৰিত চিকিৎসক গৰাকীৰ পত্নী ববী কলিতাক গ্ৰেপ্তাৰ কৰি ১৩ এপ্ৰিলত জেললৈ প্ৰেৰণ কৰিছিল যদিও চৰ্মৰোগ বিশেষজ্ঞ ডাঃ দেৱজিত দত্ত পলাতক হৈ আছিল। অভিযোগ অনুসৰি ডিব্ৰুগড় আৰক্ষীৰ সোপাঢিলা নীতি আৰু স্বজন-তোষণ তথা একাংশ ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাৰ বাবেই চিকিৎসক দেৱজিত দত্ত আৰক্ষীৰ চকুত ধুলি মাৰি পলাই থাকিবলৈ সক্ষম হৈছিল। যাৰ বাবেই পলাতক চিকিৎসক দেৱজিত দত্তই যোৱা ২৯ এপ্ৰিলত আৰু কাৰাৰুদ্ধ হৈ থকা তেওঁৰ পত্নী ববী কলিতা দত্তই যোৱা ৭ মে’ত জামিন লাভ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড়ৰ আৰক্ষীয়ে তদন্তত হেমাহি, কেছ ডায়েৰীত ইচ্ছাকৃতভাবেই বিসংগতিপূৰ্ণ কৰা, কিশোৰীগৰাকীৰ জবানবন্দী সঠিককৈ প্ৰকাশ নকৰা, কিশোৰীগৰাকীক যুৱতী কৰি পচ’ক আইনৰ মেৰপাকৰ পৰা সুৰক্ষিত কৰা, জামিন লবলৈ সুবিধা কৰি কেৱল পলাতকৰ দোহাই দিয়াকে আদি কৰি অনেক সোপাঢিলা কাৰ্য বা পদক্ষেপ লোৱাৰ বিষয়ে ডিব্ৰুগড়ত সৰব চৰ্চা লভিছে। আন এক অভিযোগ অনুসৰি চৰ্মৰোগ বিশেষজ্ঞ ডাঃ দেৱজিত দত্তৰ পত্নী ববী কলিতা দত্তক ডিব্ৰুগড়ৰ চি ডব্লিউ চিৰ (চাইল্ড ৱেলফেয়াৰ কমিটি) কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰাৰ সময়ত চিকিৎসক দেৱজিত দত্ত উপস্থিত আছিল। তৎসত্ত্বেও চিকিৎসক গৰাকীক সোধ-পোচৰ বাবে আটক কৰাৰ বাবে কোনো ব্যবস্থাই গ্ৰহণ নকৰিলে। বৰঞ্চ চিকিৎসক গৰাকীক আত্মগোপন কৰাৰ, লগতে জামিন লোৱাৰ ক্ষেত্ৰত পৰোক্ষভাৱে সহযোগ কৰাহে অভিযোগ উঠিছে। উল্লেখ্য যে ২০১৩ চনত কিশোৰী গৰাকীক গাঁৱৰ এজন লোকে (পৰিচয়,ঠিকনা উদ্ধাৰ হোৱা নাই) চাকৰি দিম বুলি প্ৰলোভিত কৰি ডিব্ৰুগড়লৈ আনি ডিব্ৰুগড়ৰ বিশিষ্ট চৰ্মৰোগ বিশেষজ্ঞ ডাঃ দেৱজিত দত্তৰ হাতত গতাই দিয়ে।উল্লেখ্য যে চিকিৎসকগৰাকীক গতাই দিয়াৰ সময়ত, মানুহজনে এক বুজন পৰিমাণৰ ধন লৈ তাৰ পৰাই উধাও হৈছিল আৰু তেতিয়াৰে পৰা মানুহজনৰ লগত কোনো যোগসূত্ৰ নাছিল কিশোৰী গৰাকীৰ। ডিব্ৰুগড় চহৰৰ নালিয়াপুলত চিকিৎসক দেৱজিত দত্তৰ চেম্বাৰ থকাৰ লগতে মোহনবাৰীত নিজা ঘৰ আছিল। সেই সময়লৈকে চিকিৎসকগৰাকীয়ে দ্বিতীয় বিবাহ কৰা নাছিল। পৰৱৰ্তী সময়ত ববী কলিতা (দত্ত)ৰ সৈতে দ্বিতীয় বিবাহ কৰাত চহৰখনৰ কনভয় ৰোডৰ (বৈৰাগীমঠ) জেএচবিৰ উন্নয়ন এৰ্পাটমেন্টত থাকিবলৈ লয়। তেতিয়াৰে পৰা কিশোৰীগৰাকীৰ ওপৰত জঘন্য শাৰীৰিক অত্যাচাৰ, উৎপীড়ণ আৰম্ভ হয়। যিবিলাক কথা প্ৰতিবেশীসকলেও সংবাদ মাধ্যমৰ আগত অকপটে স্বীকাৰ কৰিছে। কোনো সভ্য সমাজত এনে নিদাৰুণ ঘটনা কেতিয়াও সম্ভৱ নহয়। তৎসত্ত্বেও চিকিৎসক দৰে পবিত্ৰ এক বৃত্তিত থাকি নিজৰ পাষাণ মনোবৃত্তিৰ বাবেই পত্নীয়ে কিশোৰীগৰাকীৰ ওপৰত কৰা জঘন্য পাশৱিক অত্যাচাৰক সহযোগ কৰিছিল চিকিৎসক দত্তই। কিশোৰীগৰাকীয়ে ডিব্ৰুগড়ৰ চি ডব্লিউ চি সদস্যৰ আগত দিয়া ভাষ্য অনুসৰি সামান্য কথাতে পিঠিত ভুকুৱাই দিয়া, গোৰ মৰা,কানতলীয়া চৰ শোধোৱাতেই ক্ষান্ত থকা নাছিল চিকিৎসক দম্পতী। চিকিৎসক দেৱজিত দত্তৰ পত্নী ববী কলিতাই মনুষ্যৰ সকলো গুণ ধোঁৱাচাঙত তুলি কিশোৰী গৰাকীৰ গাত গৰম পানী ঢালি দিছিল আৰু চিঞৰিব নোৱাৰাকৈ মুখ সোপা দি ৰাখে। এই এৰ্পাটমেন্টলৈ অহাৰ পাছৰে পৰা প্ৰতিবেশীৰ সৈতে মিলা-মিছা কৰিবলৈ নিদি সদায়েই ঘৰৰ ভিতৰতে ভয়-ভীত কৰি আবদ্ধ কৰি ৰাখিছিল। প্ৰতিবেশীৰ সৈতে যদিহে কিবা প্ৰকাৰে কথা-বাৰ্তা হয়;তেন্তে পুনৰ ঘৰত চিকিৎসকৰ দম্পতীয়ে পাশৱিক অত্যাচাৰ,উৎপীড়ণ আৰম্ভ কৰে। কেৱল সিমানেই নহয়,কিশোৰী গৰাকীক ঘৰৰ ভিতৰতে আবদ্ধ কৰি বাহিৰত তলা লগাই তিনি-চাৰিদিনলৈ চিকিৎসক দম্পতী ওলাই গৈছিল। মুঠৰ ওপৰত বহিঃবিশ্বৰ সৈতে যোগাযোগ সম্পূৰ্ণ বন্ধ কৰি ৰাখিছিল। কিশোৰীগৰাকীক ইমানে মানসিক চাপ তথা শাৰীৰিক অত্যাচাৰ চলাইছিল যে কিশোৰীগৰাকী প্ৰায় ট্ৰ’মাত( ভয়ত স্মৃতি শক্তি হ্ৰাস পোৱা) গুচি গৈছিল বুলি ডিব্ৰুগড়ৰ শিশু সুৰক্ষা কমিটিৰ সদস্য ৰূপা কৌৰে “নিয়মীয়া বাৰ্তা”ক জানিবলৈ দি পুনৰ কয় যে ঘৰৰ ঠিকনা, পৰিয়াল, আত্মীয়-স্বজন সকলোকে হেৰুৱাই কেৱল জীয়াই থকাৰ প্ৰবল হেপাহত কিশোৰীগৰাকীয়ে সকলো নিৰ্বিবাদে সহি গৈছিল। কেৱল সেয়াই নে,হয়তো আপোনাৰো চকু কপালত উঠিব।কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি চিকিৎসক গৰাকীৰ পত্নী ববী কলিতাই বেলনা মাৰিৰে কোবাই পাঁচটাকৈ দাঁত ভাঙি দিয়াৰ লগতে মুৰত মাৰি মুৰ ফালি পেলাইছিল। আনহাতে কিশোৰীগৰাকীৰ বয়সৰ কোনো সঠিকভাৱে প্ৰমাণ পত্ৰ নোহোৱা, ঘৰৰ স্পষ্ট ঠিকনা নোহোৱাৰ বাবে যোগাযোগৰ বাবে বহু সমস্যাৰ স্বৃষ্টি হৈছে। অসমীয়া, হিন্দী আৰু ট্ৰাইবেল ভাষা কব জনা কিশোৰীগৰাকী অৰুনাচল প্ৰদেশৰ চাকমা সম্প্ৰদায়ৰ বুলি অনুমান কৰা হৈছে। আনহাতে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা কিশোৰীগৰাকীয়ে ঠিকনাৰ সন্দৰ্ভত অৰুনাচল প্ৰদেশৰ বিজয়পুৰ, নকটিয়া ধামৰ ওচত বুলি সদৰী কৰিছে যদিও প্ৰকৃত ঠিকনা এতিয়াও উদ্ধাৰ হোৱা নাই। বৰ্তমানে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি ডিব্ৰুগড়ৰ প্ৰেৰণা আশ্ৰয় গৃহত ৰখা হোৱা বুলিও জানিবলৈ দিয়ে কৌৰে।গুৱাহাটীৰ মানৱ অধিকাৰ সুৰক্ষা সমিতিক এই ঘটনাৰ সন্দৰ্ভত এক গোচৰ দিয়া হৈছিল আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে বিষয়টো গুৱাহাটীস্থ শিশু সুৰক্ষা কমিটিলৈ স্থানান্তৰ কৰে আৰু সেই মৰ্মে ডিব্ৰুগড়ৰ সমিতিয়ে আৰক্ষীক গোচৰ দি কিশোৰী গৰাকীক উদ্ধাৰ কৰি আশ্ৰয় গৃহত থকাৰ ব্যৱস্থা কৰে। ঘটনাৰ সন্দৰ্ভ ডিব্ৰুগড় সদৰ থানাত ৩৫২/৩৪২/৩২৬/৩৭৪/৫০৬- ৭৫/৭৯ জুভাইনেল এক্ট,শিশু সুৰক্ষা আইন ২০১৪-২০১৫ আৰু শিশু শ্ৰমিক আইন ১৯৮৬ৰ অধীনত ১৩৪/২০২৪ নম্বৰত এক গোচৰ পঞ্জীয়ণ কৰা হৈছিল। চিকিৎসক দেৱজিত দত্তৰ পত্নী ববী কলিতা এখন বিউটি পাৰ্লাৰৰ স্বত্বাধিকাৰী। আনহাতেদি চৰ্মৰোগ বিশেষজ্ঞ ডাঃ দেৱজিত দত্তৰ নাম উক্ত জঘন্য ঘটনাৰ লগত সাঙোৰ খাই পৰাৰ বাবেই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ পৰা যোৱা ২০ এপ্ৰিলত বহিস্কাৰ কৰিছিল।
প্ৰেৰক বিভাস দুৱৰা
You might also like