নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কংগ্ৰেছ দলৰ বাগানে বাগানে যাত্ৰা- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

🔹 ‘বাগানত চৰকাৰে কৰা উন্নয়নমূলক কাম পৰিদৰ্শন কৰিছে কংগ্ৰেছ নেতৃত্বই’

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰ : ‘ভাৰতীয় জনতা পাৰ্টীৰ বাবে অসমৰ চাহ বাগিচা হ’ল ঘৰ। ঘৰত আমি সদায় থাকো। ঘৰৰ উন্নয়নৰ লগতে সুৰক্ষাৰ বাবে সদায় কাম কৰোঁ। আমি আৰু বাগিচাই বাগিচাই ঘূৰিব লাগে বুলি নাভাবোঁ।’- কংগ্ৰেছ দলৰ বাগানে বাগানে যাত্ৰা কাৰ্যসূচীক সমালোচনা কৰি এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। লগতে সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দল চাহ বাগিচাৰ লোকসকলৰ লগত বহুদিনৰ পৰা বিচ্ছিন্ন হৈ আছে। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে বাগানে বাগানে ঘূৰিছে কংগ্ৰেছ নেতৃত্ব। বাগানলৈ গৈ পৰ্যটনৰ কাম কৰিছে, গতিকে পৰ্যটন মন্ত্ৰী হিচাপে মই ভাল পাইছোঁ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বাগানত বিজেপি চৰকাৰখনে নিৰ্মাণ কৰা পথৰ লগতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কংগ্ৰেছ নেতৃত্বই পৰিদৰ্শন কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ নেতৃবৃন্দই নিৰ্বাচনকেন্দ্ৰিক এটা ভাল পৰ্যবেক্ষণ কৰিছে। এনে কৰ্মৰ বাবে কংগ্ৰেছ দলক পৰ্যটন মন্ত্ৰী হিচাপে আদৰণি জনাইছোঁ বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ প্ৰত্যেকখন বাগানত চৰকাৰে কৰা উন্নয়নমূলক কামসমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনায় পৰ্যটন মন্ত্ৰীগৰাকীয়ে। আগন্তুক নিৰ্বাচনত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰ্যটক আহিব আৰু সময়ত গুচি যাব। বাগানৰ মানুহ সদায় ঘৰৰ লগত তথা বিজেপিৰ লগতে থাকিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাগানৰ মানুহক নিজৰ ঘৰৰ মানুহ বুলি গণ্য কৰি অঞ্চলসমূহত কৰা উন্নয়নৰ বাবে বিজেপিৰ লগত তেওঁলোক সদায় থাকিব, সেয়া ১০০ শতাংশ নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like