নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত ডেৰ কোটি টকাৰ ড্রাগছসহ চাৰি সৰবৰাহকাৰীক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰ : অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্রাগ্ছ মাফিয়া প্রেম গগৈ ৷ যোৰাবাট আৰক্ষীয়ে আজি ১৩ মাইলৰ বাসগৃহত অভিযান চলাই ড্রাগ্ছ মাফিয়া প্রেম গগৈৰ লগতে আন তিনিটা সৰবৰাহকাৰীক প্রায় ডেৰ কোটি টকাৰ হেৰ’ইনসহ গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীকেইটা ক্রমে ধেমাজিৰ চিলাপথাৰৰ ভাস্কৰজ্যোতি বৰি, জোন পাটিৰ আৰু কুলাজানৰ মনোজ উমবাং৷ আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীকেইটাৰ পৰা ২১টা হেৰ’ইনভর্তি চাবোনৰ বাকচ আৰু নগদ ১.১৬ লাখ টকা, এএছ–০১ এফ কে-১০৬৭ নম্বৰৰ এখন চাৰিচকীয়া বাহন আৰু ছটা মোবাইল ফোন জব্দ কৰে ৷ উল্লেখ্য যে প্রেম গগৈয়ে পূর্বেও ড্রাগছ সৰবৰাহৰ অভিযোগত কাৰাবাস খাটিছিল আৰু জেলৰ পৰা ওলাই তেওঁ পুনৰ ড্রাগ্ছ সৰবৰাহৰ সৈতে জড়িত হৈ পৰা বুলি যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া কপিল পাঠকে জানিবলৈ দিছে৷

You might also like