নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত গীনিজ ৱর্ল্ড ৰেকর্ডৰ প্রথম কার্যসূচীৰ শুভাৰম্ভ

🔹 অমৃতবৃক্ষ আন্দোলন :  ১৭ ছেপ্টেম্বৰৰ ভিতৰত ৯ বিশ্ব ৰেকর্ডৰ বাবে সাজু ৰাজ্য চৰকাৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ছেপ্টেম্বৰ : অহা ১৭ ছেপ্টেম্বৰৰ ভিতৰত গছপুলি ৰোপণেৰে ৯টা বিশ্ব অভিলেখৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ৷ অমৃত বৃক্ষ আন্দোলন অভিযানৰ অংশ হিচাপে এই বিশ্ব অভিলেখ গঢ়িবলৈ ৰাজ্য চৰকাৰে প্রয়াস কৰিব৷ কালি ইয়াৰ প্রথম কার্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে পৰিৱেশ আৰু বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত প্রথমটো কার্যসূচী হিচাপে ৩.৫ লাখ গছপুলিৰে ২২ কিলোমিটাৰ ৰেখাক সর্পিল আর্হিত সজাই থোৱা পুলিৰ আটাইতকৈ দীঘলীয়া শাৰীৰ বাবে অভিলেখৰ বাবে প্রয়াস কৰা হয় ৷ ইতিমধ্যে খানাপাৰাৰ খেলপথাৰত গছপুলি সর্পিল আর্হিত সজাই তোলা হৈছে৷ কালি গীনিজ বিশ্ব অভিলেখৰ কর্তৃপক্ষৰ হৈ প্রবীণ পেটেলে খানাপাৰাত সর্পিল আর্হিত সজাই থোৱা পুলিসমূহ পৰিদর্শন কৰে৷ অৱশ্যে তেওঁ কালিয়েই বিশ্ব অভিলেখ হৈছে নে নাই, সেয়া ঘোষণাৰ পৰা বিৰত থাকে৷ এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ আগবঢ়াই প্রবীণ পেটেলে কয় যে বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্রত কেতবোৰ নিয়মাৱলী অনুসৰণ কৰিবলগীয়া হয়৷ সজাই ৰখা পুলিসমূহ সজীৱ হৈ আছে নে নাই, এই আটাইবোৰ পুলি এটা শাৰীত সজাই ৰখা হৈছে নে নাই আদিকে ধৰি বহুকেইটা দিশ বিশ্ব অভিলেখৰ বাবে বিবেচনা কৰিব লাগিব৷ পুলিসমূহৰ সজীৱতা পৰীক্ষা কৰাৰ বাবে দুগৰাকী উদ্ভিদ বিজ্ঞান বিশেষজ্ঞৰ সহায় লোৱা হৈছে৷ খানাপাৰাত সজাই ৰখা গছপুলিসমূহ আমি তন্নতন্নকৈ পৰীক্ষা কৰি আছোঁ আৰু শীঘ্রে বিশ্ব অভিলেখ সন্দর্ভত ঘোষণা কৰা হ’ব৷ ইফালে, কালিৰ সভাত অংশগ্রহণ কৰি বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ বনাঞ্চলৰ আৱৰণ ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰিবলৈ পৰিকল্পনা কৰিছে৷ ইয়াৰ অংশ হিচাপে অমৃত বৃক্ষ আন্দোলন কার্যসূচী গ্রহণ কৰা হৈছে৷ এই অভিযান লক্ষ্য পূৰণ হ’লেই বন্ধ হৈ নাযায়৷ বৰঞ্চ এই অভিযান বন বিভাগ থকালৈকে চলিয়েই থাকিব ৷ এই প্রসংগতে তেওঁ কয়- ‘অহা বছৰ আমি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লৈছোঁ৷ ইয়াৰ বাবে কেম্পা পুঁজিৰ পৰা সহায় কৰিবলৈ আমি আহ্বান জনাইছোঁ৷ তদুপৰি কেন্দ্রীয় বনমন্ত্রীলৈও মই পত্র প্রেৰণ কৰিছোঁ৷ অহা বছৰ ৰোপণ কৰিবলগীয়া পুলি বন বিভাগৰ নার্ছাৰীত প্রস্তুত কৰা হ’ব, যাতে বাহিৰৰ পৰা আমদানি কৰিবলগীয়া নহয়৷ বন বিভাগৰ নার্ছাৰীসমূহতে এই পুলিসমূহ উৎপাদন কৰা হ’ব৷ যিহেতু প্রতিবছৰে ৰোপণ কৰা বহু পুলি বিভিন্ন কাৰণত মৰি যায়৷ সেয়েহে এইবাৰ সকলোৰে সহযোগিতাত এই পুলিসমূহ ডাঙৰ–দীঘল কৰিবলৈ চেষ্টা চলোৱা হ’ব৷’ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তন আদিৰ নেতিবাচক প্রভাৱ হ্রাস কৰাৰ বাবে সকলোকে অধিক বৃক্ষৰোপণৰ বাবে মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ অমৃত বৃক্ষ আন্দোলন অভিযানৰ জৰিয়তে ৰাজ্যত বাণিজ্যিক মূল্য থকা গছ ৰোপণৰ লক্ষ্য বান্ধি লোৱা বুলিও তেওঁ প্রকাশ কৰে৷ ইফালে অহা ১৭ ছেপ্টেম্বৰলৈকে ৰাজ্য চৰকাৰে বিশ্ব অভিলেখৰ বাবে প্রয়াস চলাবলগীয়া কার্যসূচীও তেওঁ সদৰী কৰে৷ সেই অনুসৰি আজি এটা দিনত একে স্থানত সর্বাধিক গছপুলি বিতৰণৰ অভিলেখৰ বাবে প্রয়াস চলোৱা হ’ব৷ খানাপাৰা খেলপথাৰত এই কার্যসূচী অনুষ্ঠিত হ’ব৷ তদুপৰি অহা ১৪ ছেপ্টেম্বৰত এটা গোটৰ দ্বাৰা ২৪ ঘণ্টাৰ ভিতৰত আটাইতকৈ অধিক গছপুলি ৰোপণৰ অভিলেখৰ বাবে ওদালগুৰিত কার্যসূচী গ্রহণ কৰা হ’ব৷ ১৫ ছেপ্টেম্বৰত ডিব্রুগড়ত বিশ্ব অভিলেখৰ বাবে প্রয়াস চলোৱা হ’ব৷ সেইদিনা এঘণ্টাৰ ভিতৰত সর্বাধিক গছপুলি ৰোপণৰ বিশ্ব অভিলেখৰ বাবে প্রয়াস চলোৱা হ’ব৷ তদুুপৰি ডিগবৈত অসমৰ মানচিত্রৰ আর্হিত গছপুলি ৰোপণেৰে পূর্বৰ তুৰস্কৰ অভিলেখ ভংগৰ বাবে প্রচেষ্টা চলোৱা হ’ব৷ আনহাতে, ভূটানৰ অভিলেখ ভংগৰ বাবে অহা ১৭ ছেপ্টেম্বৰত এঘণ্টাৰ ভিতৰত ১০০জনীয়া এটা দলে সর্বাধিক গছপুলি ৰোপণৰ অভিলেখৰ বাবে শিৱসাগৰত প্রচেষ্টা চলাব ৷ সেইদিনাই গছপুলি ৰোপণৰ সর্ববৃহৎ ফটো এলবামৰ বাবেও বিশ্ব অভিলেখৰ প্রয়াস কৰা হ’ব৷ ইতিমধ্যে ১৭ ছেপ্টেম্বৰত গছপুলি ৰোপণৰ বাবে ৪৯ লাখ লোকে পঞ্জীয়ন কৰিছে বুলি বনমন্ত্রীগৰাকীয়ে সদৰী কৰে৷ যাৰ বাবে এই অভিলেখ গঢ়াত সহজ হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ একেদিনাই গছপুলি ৰোপণ কৰি তাক জীৱিত ৰখাৰ বাবে শপত লোৱাৰ ক্ষেত্রতো অভিলেখৰ চেষ্টা চলোৱা হ’ব৷ আনহাতে, ১১ ছেপ্টেম্বৰত অনলাইনৰ জৰিয়তে গছপুলি ৰোপণৰ প্রশিক্ষণ প্রদান কৰি আন এক অভিলেখ গঢ়াৰ চেষ্টা চলাব ৰাজ্য চৰকাৰে৷ কালিৰ অনুষ্ঠানত অংশগ্রহণ কৰি বিত্তমন্ত্রী অজন্তা নেওগে কয় যে অসমৰ বিনন্দীয়া ৰূপ ধৰি ৰখাৰ বাবে প্রচেষ্টা গ্রহণ কৰাটো সকলোৰে দায়বদ্ধতা৷ চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্রসাদ, মুখ্য বন সংৰক্ষক এম কে যাদৱ, কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা এই কার্যসূচীত উপস্থিত থাকে৷

You might also like