নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰি সমবায় সমিতিৰ সাধাৰণ নিৰ্ব্বাচন কালি সম্পন্ন হয়। ২৭ আগষ্টত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ভোটগ্ৰহণৰ পিছত কালি অনুষ্ঠিত হয় ভোটগনণা। ১৪ গৰাকী সঞ্চালক মণ্ডলী নিৰ্বাচিত হয়। নিৰ্বাচনত জয়ী হোৱা সদস্য সকল হল গুলজাৰ হুছেইন, মোবাচ্ছিৰুল ইছলাম, ইয়াৰ হুছেইন, নুৰ মহম্মদ ৰাজা, আবুল হুছেইন, মজিবুৰ ৰহমান, আব্দুছ ছোৱান, হাছেন আলী, মোস্তাফা হুছেইন, জাহেদ আলী, জায়দুৰ ৰহমান, বানেছা খাতুন আৰু জাহানাৰা বেগম। শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত নিৰ্বাচনী বিষয়াই অংশীদাৰ ভোটাৰসকলক ধন্যবাদ জনায়।
Prev Post
Next Post