📌 ৰাজ্যবাসীলৈ কেন্দ্রীয় হিলাল কমিটীৰ শুভেচ্ছা
ডিজিটেল ডেস্ক, ১৯ ফেব্রুৱাৰী : আজিৰ পৰা সমগ্র দেশৰ লগতে অসমতো ইছলাম ধর্মাৱলম্বী লোকে পালন কৰিব ৰমজানৰ ৰোজা৷ ৰমজানৰ ৰোজা উপলক্ষে ইছলাম ধর্মাৱলম্বী লোকসকলে সম্পূর্ণ এমাহ উপবাসে থাকি পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা–প্রার্থনা কৰিব৷
কালি অসম তথা উত্তৰ–পূর্বাঞ্চলৰ আকাশত জোন প্রত্যক্ষ কৰাৰ পিছতে কেন্দ্রীয় হিলাল কমিটীয়ে এই কথা সদৰী কৰে৷ ইপিনে, ৰমজানৰ ৰোজা উপলক্ষে কালিৰে পৰা অসমৰ প্রতিটো মছজিদতে আৰম্ভ হৈছে তাৰাবী নামাজ৷ ইছলাম ধর্মাৱলম্বী লোকসকলে কালিৰে পৰা অন্যান্য নামাজৰ লগতে এমাহ তাৰাবী নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা–প্রার্থনা কৰিব৷
কেন্দ্রীয় হিলাল কমিটীৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ পৱিত্র ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য যে পৰহিৰে পৰা ছৌদি আৰবত ৰমজানৰ ৰোজা আৰম্ভ হোৱাৰ পিছত বিশ্বৰ আন আন দেশত বৃহস্পতিবাৰৰ পৰা ৰমজানৰ ৰোজা পালন কৰা হ’ব৷