সম্পাদকীয় : অনুশাসনহীনতা
জীৱনত মাথোঁ গতিয়ে কৰিছোঁ নে জীৱন এটা উদ্দেশ্যহীনভাৱে স্তব্ধ কৰি পেলাবলৈ যত্ন কৰিছোঁ, কথাবোৰ বিশ্লেষণ কৰি চোৱাৰ প্রয়োজন হৈছে৷ আমি বহুতে চাৰিআলিত থিয় হৈ যিবোৰ কথা আলোচনা কৰোঁ, এই কথাবোৰে দেশৰ প্রগতিৰ ক্ষেত্রত সহায় কৰিব নে নিজৰ বৌদ্ধিক চিন্তাখিনিৰ প্রসাৰ কৰিব– ই সকলোতকৈ বেছি ভাবিবলগীয়া কথা৷ অশ্লীল শব্দ তৰংগই কঁপাই তোলা চাৰিআলিত কিহৰ চর্চা হয়, সেয়া সমাজৰ অধিকাংশ লোকৰেই জ্ঞাত৷ তথাপি কাৰো ক’বলগীয়া নাই, চিন্তা কৰিবলগীয়াও নাই ৷ সুৰাত মাতাল নতুন প্রজন্মৰ একাংশৰ উদ্ভট আচৰণত আচৰিত হ’ব লগা হয় আপুনি/মই/আমি৷ কিন্তু কৰিব কি? কাক ক’ব? সম্প্রতি নিজৰ সন্তানক অসভ্য, অভদ্র বুলি কোনোবাই চার্টিফিকেট দিলেও বেয়া পায়, কিন্তু খবৰ নৰখাকৈ মুক্তমনে সমাজৰ ক্ষতি হোৱাকৈ কাম কৰি বিচৰণ কৰি ফুৰিলেও অভিভাৱকৰ শিকাবলৈ আহৰি নাই৷ তাৰ পিছতো আমি আশাবাদী৷ কিন্তু নিজৰ পৰিয়ালৰ সন্তানক আমি এতিয়াও বাধা দিব পৰা নাই৷ বাধাহীনভাৱে মুক্তমনে সকলো কৰি গৈছে৷ নিজৰ সন্তানক অভিভাৱকে ইমানেই বিশ্বাস কৰে বা ইমানেই স্বাধীনতা দিয়ে, যি স্বাধীনতাই সমাজখনক অতি সোনকালে পংগু কৰি তুলিব৷ গতিকে, কথাবোৰ ভাবিবৰ হ’ল৷ আপুনি এখন সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিলে বুজিব, সন্ধিয়া চাৰিআলি, তিনিআলিৰ আড্ডাবোৰ শুনিলে বুজিব আৰু ক’ৰবাৰ অনুষ্ঠানত অংশগ্রহণ কৰিলেও বুজিব৷ কিছুসংখ্যক যুৱকে সুৰাত মাতাল হৈ অথবা পাতল কথাবোৰতে ব্যস্ত থাকি সময় অতিবাহিত কৰে৷ আজি অসমত একাংশই চাৰিজন যুৱক একত্রিত হ’লে চৰকাৰী চাকৰিৰ পদ খালী হোৱা প’ষ্টবোৰত এপ্লাই কৰাৰ পিছত অনুষ্ঠিত হোৱা পৰীক্ষাত কি ধৰণৰ প্রশ্ণ আহিব, কোনবোৰ অধিক গুৰুত্ব দি পঢ়িব লাগিব, তাৰ আলোচনাতকৈ তৰল কথাতহে অধিক ব্যস্ত হৈ থাকে৷ সাহিত্যৰ আলোচনা নহয়, ৰাজনৈতিক বিষয়ত কোনো চর্চা নাই৷ মাথোঁ অশ্লীল গালি–গালাজ, সস্তীয়া বিনোদন আদিতেই মগ্ণ৷ বহু মেধাসম্পন্ন শিক্ষার্থীয়েও এনে পৰিৱেশৰ মাজেৰেই জীৱন অতিবাহিত কৰিছে৷ এতিয়া প্রধান কথা হ’ল– শিক্ষা দিব কোনে? ভাল চর্চা কৰিব পৰা পৰিৱেশ গঢ় দিব কোনে? বয়োজ্যেষ্ঠসকলে জ্যেষ্ঠ বুলি ক’লে বহুতৰে এলার্জী হয়৷ যুৱপ্রজন্মৰ কিছুসংখ্যক যুৱক–যুৱতী তৰল চিন্তাৰ অধিকাৰী হোৱাৰ মূলতেই হ’ল ঘৰখন৷ আজিৰ সময়ত শিক্ষাৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হ’ল চাকৰি৷ এটা চাকৰি লাভ কৰা মানেই যেন শিক্ষাৰ চূড়ান্ত পর্যায়ত উপনীত হ’ল বুলি ভবা৷ তাৰ পিছত জ্ঞান, মূল্যবোধ, সততা, নৈতিকতা আদিবোৰ আয়ত্ত কৰা মানে কিছুসংখ্যকৰ বাবে চূড়ান্ত মূর্খামি কৰা৷
জ্ঞান নাথাকিলেও কৌশল লাগে, অসৎ সমাজত সৎ হোৱাৰ কোনো প্রয়োজনেই নাই৷ সেইবাবেই অভিভাৱকে নিজৰ সন্তানক নিজৰ ঘৰৰ মাটি বিক্রী কৰি হ’লেও টকা দি চাকৰি দিবলৈ উঠি-পৰি লাগে৷ এতিয়া তেনে পৰিৱেশ নাই যদিও সৎ মানুহৰ সংখ্যা বৃদ্ধি পোৱা নাই৷ সৰুৰে পৰা দিয়া ‘সৎ’ হোৱাৰ শিক্ষা চাকৰি জীৱন আৰম্ভ কৰাৰ পূর্বেই বিসর্জন দিয়ে৷ সেয়ে এতিয়া মুখ্যমন্ত্রীয়ে নীতি–শিক্ষা দিবলগীয়া হৈছে৷ সমাজত প্রচলিত সততা, নৈতিকতা এতিয়া মাথোঁ কিতাপ আৰু মুখতহে প্রচলন হয়৷ বাস্তৱত তাৰ সকলো ওলোটা ছবি৷ এই সকলো নেতিবাচক ছবিৰ মাজতো বহু ইতিবাচক ছবিও আজিকালি পৰিলক্ষিত হয়৷ সেই ইতিবাচক কামবোৰক কিদৰে সঠিক দিশত আগুৱাই নি সকলো নতুনকে একলগ কৰিব পৰা যায়, তাৰ চিন্তা–চর্চা কৰাৰ লগন উকলি যাওঁ যাওঁ৷ সেয়েহে পলম নকৰি চেষ্টা কৰা অতীব প্রয়োজন৷ আচলতে অভিভাৱক আৰু সমাজখনে এজন ব্যক্তিক কিমানখিনি স্বাধীনতা দিব লাগে, সেই কথাবোৰৰ ওপৰত আলোচনা হ’ব লাগে৷ আচলতে আমি স্বাধীনতা মানে বুজিছোঁ কি, কৰিছোঁ কি? ভুল আমি সকলোৱে কৰি আছোঁ নেকি, এবাৰ ভাবি চোৱাৰ সময় হ’ল৷ সন্তানৰ ইচ্ছা জাগিলেই সকলো কৰিবলৈ দিছোঁ, যি বস্তু বিচাৰিছে সকলো দিছোঁ, মুঠতে পূর্বতে অভিভাৱকে পোৱা কষ্ট আমি সন্তানক দিয়া নাই৷ ফলত আমি অনুশাসন কৰিবলৈও পাহৰিছোঁ৷ যেন আজিৰ প্রজন্মৰ একাংশ অনুশাসনৰ পৰা মুক্ত৷ এইদৰেই বহু যুৱক বিপথে পৰিচালিত হোৱাও দেখা গৈছে৷ শেষত অভিভাৱকে নিয়ন্ত্রণ কৰিব নোৱাৰা হয়, অভিভাৱকৰ কথা নমনা হয়৷ এইদৰেই ক্রমশঃ অনুশাসনহীনতাই সকলোফালে সমাজত নেতিবাচক প্রভাৱ পেলায়৷ সেয়ে সময় থাকোঁতেই গঠনমূলক চিন্তা, কামেৰে যুৱপ্রজন্মক কিদৰে আগুৱাই দিব পাৰি, তাৰ গুৰি ধৰিব লাগিব জ্যেষ্ঠসকলেই৷ সেয়ে সকলো সজাগ হওক, সচেতন হওক৷ সুস্থ সমাজ গঢ়িবলৈ সুস্থ নাগৰিক গঢ় দিব লাগিবই৷ সেই দায়িত্ব অভিভাৱকৰ, জ্যেষ্ঠসকলৰ৷