নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দাপোণ পৰিপূৰিকা’ শীৰ্ষক পাঠ্যপুথি বিতৰণ বিধায়ক দিগন্ত কলিতাৰ

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰচেষ্টাত সমষ্টিটোৰ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰস্তুতিত সহায়ক হোৱাকৈ “দাপোণ পৰিপূৰিকা” শীৰ্ষক পাঠ্যপুথি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে “উদ্দীপনা” শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে এই পাঠ্যপুথি বিতৰণ কাৰ্যসূচী দ্বিতীয়বাৰৰ বাবে বিহদিয়া জাঁজীকোণা ৰাস উদযাপন প্ৰাংগণত অনুষ্ঠিত হয়।

সমষ্টিটোত ৩৫০০ শিক্ষাৰ্থীৰ মাজত এই পাঠ্যপুথি বিতৰণ কৰা হয়। এই কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, বিহদিয়া ৰাসৰ সভাপতি মহেশ্বৰ পাটোৱাৰী, মণ্ডল সভাপতি উমেশ ডেকা আৰু চক্ৰ বিষয়া মণিকা বৰগোঁহাইৰ লগতে সমূহ ছাত্ৰ-ছাত্ৰী তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

You might also like