নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি শ্বহীদ দিৱস পালন অগপৰ

🔹 আমবাৰীৰ কেন্দ্ৰীয় অনুষ্ঠানত অতুল বৰা-কেশৱ মহন্ত

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে জাতীয় শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত আজি ৰাজ্যজুৰি অসম গণ পৰিষদ দলে শ্বহীদ দিৱস পালন কৰে। অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰাৰ উপৰি দলৰ প্ৰতিখন জিলা সমিতি আৰু বিধানসভা সমষ্টি সমিতিয়ে দিনজোৰা কাৰ্য্যসূচীৰে শ্বহীদ দিৱস পালন কৰে। আজি আমবাৰীৰ কেন্দ্ৰীয় অনুষ্ঠানত পতাকা উত্তোলন কৰে সাধাৰণ সম্পাদক ডা: কমলাকান্ত কলিতাই। শ্বহীদ তৰ্পণ কাৰ্য্যসূচী মুকলি কৰে অসম আন্দোলনৰ শ্বহীদ অনিল ডেকা, শ্বহীদ প্ৰফুল্ল বড়ো আৰু শ্বহীদ মতিউৰ ৰহমানৰ পৰিয়ালবৰ্গই। স্মৃতিচাৰণ সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, সাধাৰণ সম্পাদক ডা: কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, নুৰুল হুছেইন, সত্যব্ৰত কলিতা, উপ-সভাপতি কুমাৰ দীপক দাস, সুনীল ডেকা, সুনীল ৰাজকোঁৱৰ, ড০ জয়নাথ শৰ্মা, প্ৰচাৰ সম্পাদক ড০ তপন দাস, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, মহানগৰ সমিতিৰ সভাপতি ৰাজেন মেধি, ভাতৃ-ভগ্নী সংগঠনসমূহৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদস্যসকল প্ৰমুখ্যে দলীয় নেতৃত্বই শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰি ৰাজ্যখনৰ অস্তিত্ব ৰক্ষাৰ কাৰণে দলৰ অংগীকাৰ পুনৰবাৰ প্ৰকাশ কৰে। দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আয়তীসকলে নাম-প্ৰসংগ পৰিৱেশন কৰে আৰু সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰা হয়। দলৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাট, গোলাঘাট, বোকাখাত, শদীয়া, নগাঁও, কলিয়াবৰ, তেজপুৰ, ধেমাজি, বিশ্বনাথ, লখিমপুৰ, মঙলদৈ, জালুকবাৰী, দিছপুৰ, পশ্চিম গুৱাহাটী, মাজুলী, গোৱালপৰা, ধুবুৰী, মানকাচৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, ভৱানীপুৰ, ৰঙিয়া, ছয়গাঁও, হাইলাকান্দি, শিলচৰ আদি বিভিন্ন স্থানতো দলটোৱে দিনজোৰা কাৰ্য্যসূচীৰে শ্বহীদ দিৱস পালন কৰে।

You might also like