নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম আন্দোলনক অন্তঃকৰণেৰে শ্ৰদ্ধা জনোৱা ৰাজনৈতিক দলটোৱেই বিজেপি’

🔹 গোলাঘাটৰ সৰুপথাৰত আয়োজিত শ্বহীদ দিৱসত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত গোলাঘাট জিলাৰ সৰুপথাৰৰ ৰামধেনু মুকলি প্ৰেক্ষাগৃহত আজি শ্বহীদ দিৱস পালন কৰা হয়। এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণ দাঙি ধৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে অসম এনেকুৱা এটা অঞ্চল, ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ প্ৰান্তত থকা এই অসমখনে অতীজৰে পৰা বিভিন্ন সময়ত বিভিন্ন সংঘাত দেখি আহিছে, নিজৰ অস্তিত্বৰ সংকটত সদায় যুঁজ-বাগৰ কৰিবলগীয়া হৈছে আৰু তেনে এক অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম হৈছিল ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ছয় বছৰীয়া অসমৰ অস্তিত্ব ৰক্ষাৰ ঐতিহাসিক অসম আন্দোলনত অসমৰ বহু তেজাল ডেকাই জীৱন বলিদান দিবলগীয়া হৈছিল আৰু বহু মানুহ, যুৱক-যুৱতী ঘুণীয়া হ’বলগীয়া হৈছিল বুলি কয়। তেওঁ আৰু কয় যে এই অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫গৰাকী শ্বহীদৰ প্ৰথমগৰাকী শ্বহীদ বৰপেটা জিলাৰ ভৱানীপুৰৰ উজানবৰবৰী গাঁৱত জন্মগ্ৰহণ কৰা খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ আজিৰ দিনটোতে জীৱন বলিদান দিছিল। আৰু তেওঁৰ এই বলিদানৰ দিনটোকে আমি প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ। আজি বহুত মানুহৰ মনত এই কথাটো আহে যে অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, অসমৰ জাতীয়তাবাদৰ কাৰণে আঞ্চলিক চিন্তাধাৰাৰ মানুহবিলাকেই যেন চিন্তা কৰিছিল, তেনেকুৱা ধৰণৰ কেতিয়াবা কেতিয়াবা কাৰোবাৰ মনত প্ৰশ্নৰ উদয় হয়। কিন্তু ভাৰতবৰ্ষত সেই সময়ত এটাই ৰাষ্ট্ৰীয় দল আছিল, যি অসম আন্দোলনক অন্তঃকৰণেৰে শ্ৰদ্ধা জনাইছিল, অন্তঃকৰণেৰে সহায় কৰিছিল, অসম আন্দোলনৰ লগত আছিল, সেই দলটোৱে হ’ল ভাৰতীয় জনতা পাৰ্টী। ভাৰতীয় জনতা পাৰ্টী ১৯৮০ চনত জন্মলাভ কৰাৰ পিছতেই অসমত যেতিয়া এই আন্দোলন তীব্ৰতৰ হৈ উঠিছিল, তেতিয়া সেই সময়ত আমাৰ নেতা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, আদৱানি ডাঙৰীয়াই বহুবাৰ অসমলৈকে আহি আন্দোলনকাৰীসকলৰ হৈ আনকি সংসদৰ মজিয়াতো বাজপেয়ী ডাঙৰীয়াই আন্দোলনটোৰ সপক্ষে এনেকুৱা ধৰণে বক্তৃতা দিছিল, যিটো নেকি ভাৰতবৰ্ষত সেই সময়ৰ কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত দেখা পোৱা নগৈছিল।

মন্ত্ৰীগৰাকীয়ে ভাষণত আৰু কয় যে অসমত বা ভাৰতবৰ্ষত কংগ্ৰেছ দলেই হওক বা কমিউনিষ্টৰ বিভিন্ন দলেই হওক বা অন্যান্য ৰাষ্ট্ৰীয় দলেই কেতিয়াও অসম আন্দোলনক স্বীকৃতি দিয়া নাছিল। কিন্তু ভাৰতবৰ্ষৰ একমাত্ৰ এটাই ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীয়ে অসম আন্দোলনক সদায় স্বীকৃতি দি আহিছিল আৰু সংসদৰ মজিয়াতো বাজপেয়ী ডাঙৰীয়াই ইয়াৰ সপক্ষে সুন্দৰভাৱে বক্তৃতা দিছিল। যি বক্তৃতাত কংগ্ৰেছ দলৰ সেই সময়ৰ চৰকাৰেও চিন্তাত পৰিবলগীয়া হৈছিল। এনেদৰে অসম আন্দোলনৰ লগত প্ৰতিটো সময়ত সুন্দৰভাৱে প্ৰতিটো খোজত খোজ মিলাই ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত প্ৰতি বছৰে এই ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে সেইসকল বীৰ, অমৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। শ্বহীদৰ পুণ্যভূমি এই সৰুপথাৰত এই অনুষ্ঠান আয়োজন কৰাত মন্ত্ৰীগৰাকী অত্যন্ত গৌৰৱান্বিত বুলি উল্লেখ কৰে। তেওঁ কয় যে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব যে হেৰাই যাবলৈ ওলাইছিল, সেইটো অকল ১৯৭৯ চনতে হোৱা নাছিল, ইয়াৰ আৰম্ভণি হৈছিল বহু আগৰ পৰাই। প্ৰাক স্বাধীনতাৰ দিনৰ পৰাই ইয়াৰ আৰম্ভণি হোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে চৈয়দ ছাদুল্লাৰ চৰকাৰৰ সময়তে অসমত অস্তিত্বৰ সংকট আৰম্ভ হৈছিল। সেই সময়ত অসমত খেতি কৰিবলৈকে মৈমনসিঙিয়া বা বাংলাদেশৰ পৰা যথেষ্টসংখ্যক অনুপ্ৰৱেশকাৰীক অনা হৈছিল বুলি তেওঁ কয়। সেই অনুপ্ৰৱেশকাৰীসকলে লাহে লাহে অসমৰ জনগাঁথনিটোকে সলাই পেলোৱাৰ এক শংকা আহি পৰিছিল। ৮০ চনৰ উপ-নিৰ্বাচনত মঙলদৈত একেখন ভোটাৰ তালিকাত হাজাৰ হাজাৰ অনুপ্ৰৱেশকাৰীৰ নাম সোমোৱাৰ ফলত অসমৰ জাতীয় জীৱন শংকিত হৈ পৰিছিল। মন্ত্ৰীগৰাকীয়ে ৮৩ চনৰ নিৰ্বাচনৰ সময়ত গোলাঘাটৰ সৰুপথাৰত একেলগে ৭জনকৈ যুৱকক গুলীয়াই হত্যা কৰা হৈছিল, যি সপ্ত শ্বহীদৰ এই পুণ্যভূমি হ’ল এই সৰুপথাৰ বুলি ভাষণত উল্লেখ কৰে। আজি এই পুণ্যভূমিত আমি শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।মন্ত্ৰীগৰাকীয়ে ভাষণত অসমৰ তৈল সম্পদৰ বিষয়ে উল্লেখ কৰি কয় যে এটা সময়ত অসমৰ পৰা তেল শোধনৰ বাবে বাহিৰলৈ নিয়া হৈছিল, এতিয়া বাহিৰৰ পৰা তেল অসমলৈ অনা হয়। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা আন্তৰিকতা, ভালপোৱাৰ বাবে সম্ভৱ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়। দেশ তথা ৰাজ্যখনক আৰু অধিক উন্নতিৰ পথত আগুৱাই নিবলৈ হ’লে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

You might also like