নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নকেই মূল নিৰ্বাচনী ইছ্যু কৰি প্ৰচাৰ ধুবুৰীৰ এনডিএ প্ৰাৰ্থী জাবেদ ইছলামৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : ধুবুৰী লোকসভা সমষ্টিৰ এনডিএ গোট তথা অসম গণ পৰিষদ (অগপ) দলৰ প্ৰাৰ্থী জাবেদ ইছলামে আজি “নিয়মীয়া বাৰ্তা”ৰে হোৱা কথা-বতৰাত এইবেলিৰ লোকসভা নিৰ্বাচনত ১০ লাখৰো অধিক ভোট লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। আজি দুপৰীয়া অগপৰ ধুবুৰীস্থ জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত দিয়া সেই সাক্ষাৎকাৰটোত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়তো এনডিএ প্ৰাৰ্থীৰূপে ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত বহু ঋণাত্মক দিশ থকা বুলি অকপটে সদৰী কৰে তেওঁ। সমান্তৰালকৈ এইবেলি তেওঁৰ পক্ষত বহু ধনাত্মক দিশ থকা বুলিও দোহাৰে জাবেদ ইছলামে। আনহাতে, প্ৰায় ২৭ লাখ ভোটাৰৰ ধুবুৰী লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰেই নিৰ্ণায়ক ভূমিকা লোৱাৰ বিষয়টো উত্থাপিত কৰাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে এইবাৰ জাত-পাত-ধৰ্মৰ বিষয়টো বিচাৰ্য্য (issue) নহয় বুলি মন্তব্য কৰে। ৰূপায়িত হৈ থকা উন্নয়নমূলক কাম আৰু আঁচনিবোৰে ৰাইজক চৰকাৰমুখী কৰা বুলি দাবী কৰাৰ সমান্তৰালকৈ মহিলাসকলৰ বাবে চৰকাৰে হাতত লোৱা আঁচনিৰ বাবে মহিলা ভোটাৰৰ এক বুজন অংশৰ ভোট তেওঁ লাভ কৰিব বুলিও দোহাৰে। আনহাতে, পূৰ্বে বদৰুদ্দিন আজমল আছিল আৰু এইবাৰ নগাঁৱৰ পৰা আহিল ৰকিবুল হুছেইন- এইদৰে ধুবুৰী লোকসভা সমষ্টিৰ এআইইউডিএফ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুগৰাকীৰ কথা উল্লেখ কৰি ইছলামে সাধাৰণ মানুহে দুয়োকে গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰে। সাক্ষাৎকাৰটোত নগাঁৱৰ চামগুৰিৰ বিধায়ক তথা ২নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগো আনে তেওঁ। তেওঁৰ দাবী- ৰাজ্যত কংগ্ৰেছ চৰকাৰৰ সময়ত কোকৰাঝাৰত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ বুজ ল’বলৈ তদানীন্তন অসম চৰকাৰে ৰকিবুল হুছেইনক আইন-শৃংখলাজনিত বিষয়টোৰ দায়িত্ব প্ৰদান কৰিছিল যদিও হুছেইনে সেয়া নকৰি লণ্ডনলৈ অলিম্পিক খেল চাবলৈ গৈছিল। ঠিক অনুৰূপে, কংগ্ৰেছৰ আমোলত নামনি অসমৰ মানকাচৰকে ধৰি আন কেতবোৰ ঠাইৰ অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সময়তো তত্ত্বাৱধায়ক মন্ত্ৰী হোৱা সত্ত্বেও ৰকিবুল হুছেইনে বিষয়টোৰ বুজ ল’বলৈ আহৰি নোপোৱাৰো অভিযোগ ধুবুৰীৰ এনডিএ প্ৰাৰ্থীগৰাকীৰ। উন্নয়নেই তেওঁলোকৰ মূল নিৰ্বাচনী ইছ্যু বুলি দোহাৰি ২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি এনডিএৰ কেন্দ্রীয় নেতৃত্বয়ো তেওঁৰ হৈ প্ৰচাৰ চলাবলৈ আহিব বুলি জনাইছে জাবেদ ইছলামে। উল্লেখ্য যে আজি ধুবুৰী পৌৰসভা এলেকাৰ কেইবাটাও অঞ্চলত আয়োজিত সৰু সৰু নিৰ্বাচনী সভাৰে চহৰখনৰ ৰাইজৰ সৈতে ভাব বিনিময় কৰে তেওঁ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like