নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ নিউ লুক একাডেমীৰ ঈৰ্ষণীয় ফলাফল

নিয়মীয়া বাৰ্তা,  ২০ এপ্ৰিল : ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ, শিক্ষাৰ্থীৰ গুণগত মান বৃদ্ধিৰ লক্ষ্যৰে পৰিৱেশ আৰু বাস্তৱৰ সৈতে খাপ খোৱাকৈ গঢ়ি উঠা এটা শৈক্ষিক প্ৰতিষ্ঠান ৷ শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰি কেৱল গুণগত মানেৰে আকাশ স্পৰ্শ কৰা প্ৰতিষ্ঠানখনৰ নাম হ’ল নিউ লুক একাডেমী ৷ ২০১৪ চনত প্ৰথমটো গোটে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা ২০২৪ চনলৈকে এটা দশকজুৰি নিউ লুক একাডেমীৰ পৰা অৱতীৰ্ণ হোৱা ১০০ শতাংশ পৰীক্ষাৰ্থীয়ে ধাৰাবাহিকভাৱে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ৰাজ্যখনতে এক বিৰল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। আজি ঘোষিত ফলাফলতো প্ৰতিষ্ঠানখনৰ মুঠ ২০গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬গৰাকীয়ে ডিষ্টিংচন, ১০গৰাকীয়ে ষ্টাৰ আৰু ৪গৰাকীয়ে লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে নিশান্ত দত্ত আৰু প্ৰজ্ঞান কাশ্যপে উচ্চ গণিত বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ ১০০ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নি:স্বাৰ্থ সেৱাৰ মনোভাবেৰে সাধাৰণ পৰিয়ালৰ বহন ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গিত নিউ লুক একাডেমীয়ে আকাশ চোৱাৰ সমান্তৰালকৈ এতিয়া অজস্ৰজন শিৱসাগৰীয়াৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে যি সময়ত ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ মাচুল, নামভৰ্তিৰ বাবদ পৰিয়ালসমূহে বৃহত অংকৰ অৰ্থ ব্যয় কৰিবলগীয়া হৈছে, সেই সময়ত শিৱসাগৰৰ নিউ লুক একাডেমী সাধাৰণ পৰিয়ালসমূূহৰ বাবে আশাৰ বন্তি হৈ পৰিছে ৷

প্ৰেৰক : আশ্ৰফুৰ ৰহমান 

You might also like