নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ ভখুৰাদিয়াত ৪ কেজি গাঞ্জাসহ কুখ্যাত ব্যৱসায়ী আটক

নিয়মীয়া বাৰ্তা,  ২৪ ফেব্ৰুৱাৰী : কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়াত যোৱানিশা প্ৰায় ১২.৩০ বজাত নগৰবেৰা আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে এক আকস্মিক অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য মতে, নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি ভখুৰাদিয়া গাঁৱৰ জৱান আলী নামৰ লোকজনৰ ঘৰত আকস্মিক অভিযান চলাই ঘৰৰ ভিতৰত বাকচত বিক্ৰীৰ বাবে মজুত কৰি থোৱা প্ৰায় চাৰি কিলোগ্ৰাম গাঞ্জাসহ কুখ্যাত গাঞ্জা ব্যৱসায়ী জৱান আলীক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, দীৰ্ঘদিনৰ পৰা ব্যৱসায়ী জৱান আলীয়ে নগৰবেৰা, ভখুৰাদিয়া, টুপামাৰী, পলাহৰটাৰী, খামেৰী, নাইটৰকে আদি কৰি নগৰবেৰাৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ চকুত ধূলি দি গাঞ্জাৰ অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ আটকাধীন গাঞ্জা ব্যৱসায়ীজনক আজি দিনৰ প্ৰায় ১০ বজাত জে’ল হাজোতলৈ প্ৰেৰণ কৰে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like