নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত মুছলিম বিবাহ–বিচ্ছেদ আইন খাৰিজ

🔹 ইউচিচি বলৱতৰ দিশে এখোজ ৰাজ্যিক কেবিনেটৰ

🔹 প্রাথমিক শিক্ষাৰ বাধ্যতামূলক ভাষা হ’ব মিচিং–কার্বি–ডিমাচা-ৰাভা-তিৱা

🔹 মণিপুৰীক হোজাই–কাছাৰ-কৰিমগঞ্জ–হাইলাকান্দিত চৰকাৰী ভাষাৰ স্বীকৃতি

🔹 অসম কৃষি বিশ্ববিদ্যালয়ক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্ত

বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : উমৈহতীয়া দেৱানী বিধি (ইউ চি চি) বলৱতৰ দিশে এখোজ আগবঢ়ালে ৰাজ্য চৰকাৰে৷ এই লক্ষ্যৰে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্রেচন এক্ট ১৯৩৫ খাৰিজ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ব্রিটিছৰ আওপুৰণি আইন বাতিলৰ জৰিয়তে এতিয়াৰে পৰা মুছলিমৰ বিবাহৰ কাম সম্পন্ন কৰাৰ দায়িত্ব জিলা আয়ুক্তক অর্পণ কৰা হ’ব৷ উল্লেখ্য যে এই সিদ্ধান্তৰ জৰিয়তে একাংশ মুছলমান সম্প্রদায়ৰ লোকে কৰি অহা বাল্য বিবাহ ৰোধ কৰা হ’ব৷ লোকসেৱা ভৱনত কালি এখন সংবাদ মেলযোগে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰী কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰে যে এই আইনখন বাতিল কৰাৰ পিছত ইয়াৰ লগত জড়িত ব্যক্তি অথবা চৰকাৰী কাজীসকলক দুই লাখ টকাৰ এককালীন সাহায্য প্রদানৰো সিদ্ধান্ত গ্রহণ কৰে কেবিনেটে৷ মুঠ ৯৪জন এনেধৰণৰ কাজীক দুই লাখ টকাৰ ক্ষতিপূৰণ প্রদানেৰে তেওঁলোকক জীৱন নির্বাহৰ বাট দেখুওৱা হয়৷ কেবিনেটে মিচিং, কার্বি, ডিমাচা, ৰাভা, তিৱা আদি ভাষাক প্রাথমিক শিক্ষাৰ বাধ্যতামূলক ভাষা হিচাপে গ্রহণ কৰাৰ সিদ্ধান্ত লয়৷ কেবিনেটে বালিপাৰা ট্রাইবেল বেল্টত আহোম, কোচ আৰু গোর্খাসকলক প্রটেক্টেট ক্লাছ হিচাপে সুবিধা দিয়াৰ সিদ্ধান্ত লয়৷ কেবিনেটে চাৰিখন জিলাত মণিপুৰী ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়ে৷ এই জিলাকেইখন হ’ল– হোজাই, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি৷ কেবিনেটে অসম কৃষি বিশ্ববিদ্যালয়ক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্ত লয়৷ সেই অনুসৰি ভেটেৰিনেৰী এণ্ড ফিছাৰী ইউনিভার্ছিটী গঠন কৰা হ’ব৷ ভেটেৰিনেৰীৰ কাৰণে এখন পৃথক বিশ্ববিদ্যালয় আৰু ফিছাৰীৰ কাৰণে আন এখন বিশ্ববিদ্যালয় স্থাপন হ’ব৷ মুখ্যমন্ত্রীৰ আত্মনির্ভৰশীল আঁচনিৰ অংশস্বৰূপে আত্মনির্ভৰ অসম ছ’চাইটী গঠনত কেবিনেটে অনুমোদন জনায়৷ কেবিনেটে মুখ্যমন্ত্রীৰ উদ্যমিতা আঁচনি আৰু আত্মনির্ভৰশীল আঁচনিৰ বাবদ এহেজাৰ কোটি টকাৰ বিত্তীয় অনুমোদন দিয়ে৷ আনহাতে, আইএফএৰ অধীনত চলি থকা আন্তঃগাঁথনিৰ বাবে ২৭৪ কোটি টকাৰ বিত্তীয় অনুমোদন দিয়ে কেবিনেটে৷

You might also like