অসম “১৫ জুনৰ পৰা কমিব ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা” – স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা By নিয়মীয়া বাৰ্তা On Jun 9, 2020 Share নিয়মীয়া বাৰ্তা ৯ জুনঃ “১৫ জুনৰ পৰা কমিব ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা । কাৰণ অসমৰ বাহিৰৰ পৰা যিমান মানুহ আহিবলগীয়া আছে সকলো আহি শেষ হৈ যাব ।” -আজি হাফলঙত উপস্থিত হৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । লগতে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ২ য় পৰ্যায়ত ক’ৰোনাৰে যুঁজখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰে । কিন্তু ক’ৰোনা সংক্ৰমণৰ তৃতীয় পৰ্যায় অৰ্থাৎ সামাজিক সংক্ৰমণ হ’লে ক’ৰোনাৰ বিৰুদ্ধে যুঁজখন দীঘলীয়া হ’ব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে আজি হাফলং চিকিৎসালয়ত উপস্থিত হৈ প্ৰথম পৰ্যায়ত ক’ৰোনা ৰোগীক চিকিৎসা প্ৰদান কৰা চিকিৎসা কৰ্মীসকলক এখন গামোচাৰে সম্বৰ্ধনা জনাই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইপিনে প্ৰথম পৰ্যায়ত ক’ৰোনা ৰোগীক চিকিৎসা প্ৰদান কৰা চিকিৎসা কৰ্মীসকলক ৭ দিনৰ বাবে কোৱাৰেণ্টীনলৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, বৰ্তমান ৭৭ জন ৰোগী আছে হাফলং চিকিৎসালয়ত আৰু ইয়াৰে ৩২ জন আক্ৰান্তক চিকিৎসা প্ৰদানৰ সুবিধা আছে । DR. HIMANTA BISWA SARMAFeatured Share