নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্তমান ৰাজ্যত বিৰোধী পথভ্ৰষ্ট-হতাশাগ্ৰস্ত-দুৰ্দশাগ্ৰস্ত : মন্ত্ৰী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ৬ ফেব্ৰুৱাৰী : বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিগত চাৰে সাত বছৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিগত আঢ়ৈ বছৰত ৰাইজৰ বাবে কাম কৰিছে। সেইবাবেই বিজেপিৰ জনসভাত লাখ লাখ, হাজাৰ হাজাৰ লোকৰ সমাগম হয় আৰু প্ৰত্যেকটো নিৰ্বাচনত বিজেপি দল জয়ী হয়। বিগত ডিমা হাছাও নিৰ্বাচনকে ধৰি প্ৰায় গোটেইকেইটা নিৰ্বাচনৰ উদ্ধৃতি দি আজি সাংবাদিকৰে হোৱা মুখামুখিত এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। তেওঁ লগতে কয় যে যিহেতু বিজেপি চৰকাৰে ৰাইজৰ বাবে কাম কৰিছে, সেইবাবেই বিজেপিৰ জয়ৰ গ্ৰাফডাল ওপৰলৈ গৈ আছে। বিজেপিয়ে অসমত এটা দুৰ্নীতিমুক্ত পৰিৱেশ তৈয়াৰ কৰিছে, যাতে ৰাইজে পৰিত্ৰাণ পায়। তদুপৰি সাংবাদিকৰ আগত ৰাজ্য চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এনেবোৰ কাৰণতে বিৰোধীৰ লগত সাধাৰণ জনগণ নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয়- বৰ্তমান ৰাজ্যত বিৰোধী পথভ্ৰষ্ট, হতাশাগ্ৰস্ত, দুৰ্দশাগ্ৰস্ত। ৰাইজ এতিয়া বিজেপিৰ লগত। আৰু বহু কংগ্ৰেছী আহিব বিজেপিলৈ, অপেক্ষা কৰক। কমল মেধিয়ে বিজেপিত যোগদান কৰা সন্দৰ্ভত তেওঁ কয়- কমল মেধিয়ে বোলে কাম কৰা মহিলাগৰাকীৰ কথাত বিজেপিত যোগ দিছে। মহিলাগৰাকীয়ে হয়তো ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, উদ্যমিতা প্ৰ-পত্ৰ আদি লাভ কৰিছে। গতিকে বিজেপি চৰকাৰে বিভিন্ন ধৰণে ৰাইজৰ বাবে কাম কৰিছে। সেইবাবেই ৰাইজে বিজেপিক আঁকোৱালি লৈছে আৰু অন্য দলৰ নেতায়ো দল ত্যাগ কৰিবলৈ বাধ্য হৈছে। লগতে তেওঁ কয় যে বিজেপি দলৰ প্ৰতি আস্থা থকাৰ বাবেই খানাপাৰাত প্ৰধানমন্ত্ৰীৰ জনসভাত ৰাইজৰ অভূতপূৰ্ব সমাগম হৈছে। বিজেপিক সহায় কৰিবলৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ কৰিবলৈ মানুহ এনেদৰে হিলদল ভাঙি আহিছে।

You might also like