নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা বঁটা ‘হাড়গিলা আৰ্মী’লৈ উছৰ্গা পাৰ্থসাৰথি মহন্তৰ

🔹 ‘Hargila- The Greater Adjutant Stork’লৈ ৰাষ্ট্ৰীয় বঁটা

বিশেষ বাৰ্তা, ৯ অক্টোবৰ : দিল্লীৰ বিজ্ঞান ভৱনত কালি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ‘Hargila- The Greater Adjutant Stork’ ছবিখনৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰে প্ৰযোজক মীনা মহন্ত আৰু পৰিচালক পাৰ্থসাৰথি মহন্তই । ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰা বঁটা পৰিচালক পাৰ্থসাৰথি মহন্তই পূৰ্ণিমা দেৱী বৰ্মনৰ ‘হাড়গিলা আৰ্মী’লৈ উছৰ্গা কৰিছে।পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত দদৰা আৰু পছৰীয়াৰ মহিলাসকলে ‘হাড়গিলা’ সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিলুপ্তিৰ পথত থকা ‘হাড়গিলা’ বিশ্বৰ ২০টা প্ৰজাতিৰ মাজৰ এটা । বিশ্বৰ ভিতৰতে দদৰা, পছৰীয়াৰ ‘হাড়গিলা’ সংৰক্ষণৰ প্ৰচেষ্টা সফল বুলি বিবেচিত হৈছে। পাৰ্থসাৰথি মহন্ত পৰিচালিত এই ছবিখনত ‘হাড়গিলা’ সংৰক্ষণৰ এই মহান প্ৰচেষ্টাক সামৰি লোৱা হৈছে । পূৰ্ণিমা দেৱী বৰ্মনে দদৰা-পছৰীয়াৰ মহিলাসকলক একত্ৰিত কৰি এই পক্ষীৰ সংৰক্ষণৰ বাবে লোৱা এনে প্ৰচেষ্টাক উৎসাহ যোগোৱাৰ লগতে বিশ্ববাসীক এই কাহিনী দেখুৱাবলৈ নিৰ্মাণ কৰা হৈছে ‘Hargila- The Greater Adjutat Stork’ । ইয়াৰ পূৰ্বেও এই ছবিখন বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সমাদৃত হৈছে। ‘পাই এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। ইন্দ্ৰাণী বৰুৱাৰ চিত্ৰনাট্যৰে নিৰ্মিত তথ্যচিত্ৰখনৰ সম্পাদনা সমুজ্জ্বল কাশ্যপ আৰু গৌতম মজুমদাৰৰ। চিত্ৰগ্ৰহণ কৰিছে অমিয়া ৰঞ্জন দাস, জয়প্ৰকাশ চক্ৰৱৰ্তী আৰু মানস চাগ্ৰাই।

You might also like