নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাওকুছি সাপ্তাহিক বজাৰত লেচীৰ গুণ্ডাকৰ সংগ্রহ

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰি মহানগৰীৰ বজাৰত গুণ্ডাকৰ সংগ্রহ কৰি আহিছে লেচীয়ে৷ গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা সাপ্তাহিক বজাৰত একাংশ লেচীয়ে পৌৰ নিগমে নির্ধাৰণ কৰা কৰতকৈ ব্যৱসায়ীৰ পৰা জোৰ–জুলুমকৈ অত্যধিক কৰ সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ শেহতীয়াকৈ সাওকুছিৰ বুধবৰীয়া বজাৰত লেচীয়ে ব্যৱসায়ীসকলৰ পৰা জোৰ–জুলুমকৈ গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ পৌৰ নিগমৰ অধীনত থকা সাওকুছিৰ বুধবৰীয়া বজাৰখন লীজত লৈ লেচীয়ে প্রতিজন ব্যৱসায়ীৰ পৰা ৫০–১০০ টকাকৈ গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ ব্যৱসায়ীসকলে লেচীক ৫০ আৰু ১০০ টকা কৰ আদায় নিদিলে ব্যৱসায়ীসকলক লেচীৰ গুণ্ডাবাহিনীয়ে ভয়–ভাবুকি প্রদান কৰাৰ অভিযোগ তুলিছে একাংশ ভুক্তভোগী ব্যৱসায়ীয়ে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই গুৱাহাটীৰ বজাৰসমূহৰ পৰা কৰ সংগ্রহৰ বাবে মূল্য নির্ধাৰণ কৰি দিছিল৷

পৌৰ নিগমে নির্ধাৰণ কৰা কৰৰ মূল্যৰ পৰিৱর্তে লেচীয়ে জোৰ–জুলুমকৈ সাওকুছিৰ বুধবৰীয়া বজাৰলৈ অহা ক্ষুদ্র ব্যৱসায়ীসকলৰ পৰা ৫০ৰ পৰা ১০০ টকা কৰ সংগ্রহ কৰি অহাৰ পাছতো নিগম কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ পৌৰ নিগমে নির্ধাৰণ কৰা কৰৰ মূল্য এনেধৰণৰ প্রতিখন শাক–পাচলিৰ দোকানৰ পৰা ২০ টকা, মাছ ব্যৱসায়ীৰ পৰা ৫০ টকা, ফলমূলৰ ব্যৱসায়ীৰ পৰা ২০ টকা, মিনি ট্রাকৰ পৰা ৭০ টকা, চাউল ব্যৱসায়ীৰ পৰা ৫০ টকা, মুর্গী ব্যৱসায়ীৰ পৰা ৫০ টকা, কণী ব্যৱসায়ীৰ পৰা ২০ টকা, কাপোৰ ব্যৱসায়ীৰ পৰা ৪০ টকা, খোলা বুক ষ্টলৰ পৰা ১০ টকা, জোতাৰ দোকানৰ পৰা ৩০ টকা, ডাঙৰ কাপোৰৰ দোকানৰ পৰা ৮০ টকা, চাহ দোকানৰ পৰা ৩০ টকা, মছলা, গ্র’ছাৰীৰ, ষ্টেচনাৰী দোকানৰ পৰা ৫০ টকা, পাণ দোকানৰ পৰা ২০ টকা, চানা আৰু কুঁহিয়াৰ ব্যৱসায়ীৰ পৰা ২০ টকা, হকাৰৰ পৰা ২৫ টকাকৈ কৰ সংগ্রহ কৰিবলৈ মূল্য নির্ধাৰণ কৰি দিছিল৷

কিন্তু পৌৰ নিগমৰ পৰা লীজত লৈ সাওকুছি বুধবৰীয়া বজাৰত লেচীয়ে ৫০–১০০ টকাকৈ গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ পৌৰ নিগমৰ একাংশ অসাধু বিষয়া কর্মচাৰীক মেনেজ কৰি বক্রপথেৰে সাওকুছিৰ বুধবৰীয়া বজাৰখন লীজত লৈ গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ পাছতো পৌৰ নিগম কর্তৃপক্ষই আজিলৈকে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ সাওকুছিৰ বুধবৰীয়া বজাৰখন এটা উদাহৰণহে৷ এনেদৰে লেচী আৰু পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা কৰ সংগ্রহৰ নামত জিএমচিয়ে নির্ধাৰণ কৰা মূল্যতকৈ অত্যধিক কৰ সংগ্রহ কৰি আহিছে৷ নৱনিযুক্ত পৌৰ আয়ুক্তই নীতি–নির্দেশনা উলংঘাৰে কৰ সংগ্রহ কৰা লেচী আৰু নিগমৰ বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like