নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ আৱাসৰ বিধ্বস্ত ৰূপ

🔴মেৰামতিৰ অভাৱত পৰি আছে চৰকাৰী বাহন
বিশেষ বাৰ্তা, ১০  মে’ : অসম চৰকাৰে স্বাস্থ্যখণ্ডৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ পিছতো স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে একাংশ চিকিৎসালয়, চিকিৎসকৰ আবাসগৃহ আদি জৰাজীৰ্ণ অৱস্থাত আছে। যাৰ বাবে চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ সম্পূৰ্ণ সফল হোৱা নাই। নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ আবাস গৃহটি দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকাত শোচনীয় হৈ পৰিছে। স্বয়ং ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা নগাঁৱত বিভাগটোৰ অতি গুৰুত্বপূৰ্ণ চৰকাৰী আৱাস ক্ৰমশঃ জৰাজীৰ্ণ হৈ পৰাত সচেতন মহলত ব্যাপক চৰ্চা হৈছে। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ পাৰত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ আবাস গৃহটি। বৃটিছ আমোলত কলঙৰ বাকৰি নেহৰুবালিৰ দাতিত স্থাপন কৰা হৈছিল এই আবাস গৃহ। এই আৱাস গৃহৰ পৰাই এসময়ত স্বাস্থ্য বিভাগৰ বহু গুৰুত্বপূৰ্ণ কাম কাজ পৰিচালিত হৈছিল। এই আৱাস গৃহ প্ৰায় ৩৮ বছৰ ধৰি অব্যৱহৃত হৈ আছে। ৩৮ বছৰ ধৰি এই আৱাস গৃহত কোনো এজন যুটীয়া সঞ্চালকে থাকি স্বাস্থ্য বিভাগৰ কাম কাজ পৰিচালনা কৰা নাই। ফলত চৰকাৰী আবাস গৃহটোৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে।  দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকাৰ ফলত আবাস গৃহটোৰ চৌহদ হাবি জংঘলেৰে ভৰি পৰিছে। তদুপৰি গৃহটোৰ চৌহদত স্বাস্থ্য বিভাগৰ বহু কেইখন বাহন অচল অৱস্থাত পৰি আছে। উপযুক্ত মেৰামতিৰ অভাৱত বাহনসমূহৰ অৱস্থাও জৰাজীৰ্ণ হৈ পৰিছে। এই আৱাস গৃহৰ লগত সংলগ্ন এটা সৰু কোঠাত এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী থাকে। আৱাস গৃহটোত বিভাগীয় কেতবোৰ সামগ্ৰী মজুত কৰি ৰাখিছে যদিও সেইবোৰৰ অৱস্থা তথৈবচ। বৃটিছে কলঙৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰে স্থানত সুন্দৰ আন্ত:গাঁথনিৰে নিৰ্মাণ কৰা গৃহটো সংৰক্ষণ কৰাৰ লগতে ভালদৰে সজাই পৰাই তুলিবলৈ নগাঁওবাসীয়ে চৰকাৰক আহ্বান জনাইছে।
প্ৰেৰক কনক হাজৰিকা
You might also like