নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিনত সম্পূর্ণ কৰিব ভেকচিনৰ দ্বিতীয় ড’জ

নিয়মীয়া বাৰ্তা, ৯ জুনঃ   অসমত ১৮ বছৰ ঊর্ধ্বৰ সকলো লোককে ক’ভিড প্রতিষেধক প্রদানৰ বাবে ৰাজ্য চৰকাৰে অহা ২১ জুনৰ পৰা জোৰদাৰ অভিযান চলাব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি ক’ভিড প্রতিষেধক সন্দর্ভত আগবঢ়োৱা গুৰুত্বপূর্ণ ঘোষণাৰ পিছতেই ১৮ বছৰ বা তাৰ ওপৰৰ প্রতিগৰাকী লোককে আগন্তুক তিনি মাহৰ ভিতৰত বিনামূলীয়া ক’ভিড ভেকচিন প্রদানৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে প্রস্তুতি চলাইছে৷ মঙলবাৰে দিছপুৰত সাংবাদিকৰ আগত এই তথ্য সদৰী কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷

মহন্তই কয় যে ৰাজ্যৰ ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকসকলক বিনামূলীয়াকৈ ক’ভিড ভেকচিন দিয়াৰ বাবে ইতিমধ্যে অসম চৰকাৰে সিদ্ধান্ত লৈছে৷ কালি প্রধানমন্ত্রীৰ ঘোষণাৰ পিছত অসম চৰকাৰে ১৮ৰ ঊর্ধ্বৰ প্রতিগৰাকী লোককে সামৰি ক’ভিড ভেকচিন প্রদানৰ প্রক্রিয়া খৰতকীয়া কৰি তুলিবলৈ থিৰাং কৰিছে৷ অহা ২১ জুনৰ পৰা অসমতো ব্যাপক হাৰত ক’ভিড ভেকচিন প্রদান কৰা হ’ব৷ দৈনিক আঢ়ৈ লাখৰ পৰা তিনি লাখ লোকক বিনামূলীয়া ভেকচিন প্রদানৰ বাবে স্বাস্থ্য বিভাগে লক্ষ্য স্থিৰ কৰিছে৷

কেন্দ্রীয় চৰকাৰৰ পৰা ভেকচিন পোৱাৰ পিছত অসমত সেই অভিযান ক্ষিপ্রতাৰে আগবঢ়াই নি অহা দুই–তিনি মাহৰ ভিতৰত সকলোকে ভেকচিন দিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ মন্ত্রী মহন্তই আৰু কয় যে ৰাজ্যত ক’ভাক্সিন ভেকচিনৰ প্রথমটো ড’জ লোৱা লোকসকলক দ্বিতীয়টো ড’জ দিয়াৰ বাবে স্বাস্থ্য বিভাগে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰক ডেৰ লাখ ক’ভাক্সিন ভেকচিনৰ প্রয়োজন৷ জিলাসমূহত ক’ভাক্সিনৰ দ্বিতীয়টো ড’জ ল’বলৈ বাকী থকা লোকৰ সংখ্যা উপায়ুক্তসকলৰ পৰা স্বাস্থ্য বিভাগে বিচাৰিছে৷ জিলাসমূহৰ প্রত্যেকৰে চাহিদা আৰু সময়সূচী অৱগত হোৱাৰ পিছত জিলাসমূহলৈ ক’ভাক্সিনৰ দ্বিতীয় ড’জ প্রদান কৰা হ’ব৷ তেওঁ আৰু কয় যে অহা তিনি–চাৰি দিনৰ ভিতৰত এক লাখ ক’ভাক্সিন ভেকচিন ৰাজ্যখনে লাভ কৰাৰ আশা আছে৷ কালি ৫০ হাজাৰ আহি পাব৷ অহা ১০ৰ পৰা ১২ জুনৰ ভিতৰত আৰু এক লাখ ক’ভাক্সিন ভেকচিন আহি পাব৷ সেয়ে তেওঁ এসপ্তাহৰ পৰা ১০ দিনৰ ভিতৰত দ্বিতীয় ড’জ ক’ভাক্সিন ভেকচিন ল’বলগীয়া লোকসকলক ভেকচিন দিয়া কার্য সম্পূর্ণ কৰিব পাৰিব বুলি আশা প্রকাশ কৰে৷ অহা দুমাহৰ ভিতৰত ৰাজ্যখনৰ প্রতিগৰাকী লোককে ভেকচিন দিব পৰা যাব বুলি আশা প্রকাশ কৰে৷

You might also like