নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰকুছিত ড্রাগছসহ এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৯ জুনঃ ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযান৷ দিন কি ৰাতি ধাৰাবাহিকভাৱে অব্যাহত আছে আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযান৷ সোমাবাৰে নিশা মহানগৰীৰ বোন্দাৰ পৰা ড্রাগ্ছসহ চাৰিজন লোকক আটক কৰাৰ পিছত মঙলবাৰে বিয়লিৰ ভাগত বোন্দাৰ নিছেই কাষতে বিৰকুছিত ড্রাগ্ছসহ আটক কৰে আৰু এজন লোকক৷ আটক কৰা লোকজন মাধুর্য্য দত্ত ওৰফে টিংকু বুলি জানিব পৰা গৈছে৷

বিৰকুছিত শহুৰৰ ঘৰত আছিল মাধুর্য্য দত্ত৷ শহুৰৰ ঘৰত থাকিয়ে মাধুর্য্য দত্তই ড্রাগছৰ ৰম–ৰামীয়া ব্যৱসায় চলাই গৈছিল মহানগৰীৰ ভিন্ন স্থানত৷ পেছাগতভাৱে মাধুর্য্য দত্ত এগৰাকী কম্পিউটাৰ নেটৱর্কিঙৰ কর্মচাৰী বুলি আৰক্ষীৰ আগত জানিবলৈ দিছে৷

চানমাৰিস্থিত জি.আই.টি কম্পিউটাৰ প্রতিষ্ঠানৰ স্বত্বাধিকাৰী বুলি নিজকে উল্লেখ কৰে ধৃত মাধুর্য্য দত্তই৷ মঙলবাৰে বিয়লি এক গোপন সূত্রৰ পম খেদি মধ্য আৰক্ষী জিলাৰ বিশেষ অভিযানকাৰী দল আৰু নুনমাটি আৰক্ষী থানাৰ এ.চি.পি নীলোৎপল ডেকাই অভিযান চলাই আটক কৰে ড্রাগ্ছ সৰবৰাহকাৰীজনৰ লগতে বহু পৰিমাণৰ ড্রাগ্ছ৷ এ.চি.পি নীলোৎপল ডেকাই জানিবলৈ দিয়া মতে অধিক তথ্যৰ বাবে অব্যাহত আছে আৰক্ষীৰ এই অভিযান৷

You might also like