নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীঘৰখাল–শ্রীৰামপুৰত ওজন জোখা হ’ব প্রতিখন কয়লা ট্রাকৰ 

নিয়মীয়া বাৰ্তা, ৯ জুনঃ  ৰাজ্যখনত কয়লা ছিণ্ডিকেট ৰোধৰ বাবে ৰাজ্যিক কেবিনেট বৈঠকে দৃঢ় সিদ্ধান্ত গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ    অধ্যক্ষতাত মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে বৰাক উপত্যকাৰ দীঘৰখাল আৰু অসম–বংগ সীমান্তৰ শ্রীৰামপুৰ গেটত প্রতিখন কয়লা পৰিবাহী ট্রাকৰ ওজন পৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে অসম–বংগ সীমান্তৰ ছাগলীয়া গেটেৰে কয়লা পৰিবাহী ট্রাকৰ আহযাহত নিষেধাজ্ঞা আৰোপ কৰে৷

বৈঠকৰ অন্তত কেবিনেটৰ মুখপাত্র জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে অতিৰিক্ত বোজা কঢ়িওৱা কয়লা পৰিৱাহী ট্রাকৰ চলাচল নিয়ন্ত্রণৰ বাবে কালিৰ কেবিনেটে দীঘৰখাল আৰু অসম–বংগ সীমান্তৰ শ্রীৰামপুৰ গেটত চৰকাৰী জোখ–মাপ বিভাগৰ জৰিয়তে প্রতিখন কয়লা পৰিবাহী ট্রাকৰ ওজন পৰীক্ষণৰ ব্যৱস্থা কৰাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰে৷

অনুমতিপ্রাপ্ত নির্ধাৰিত ওজনৰ পৰিৱর্তে অতিৰিক্ত কয়লা কঢ়িয়াই অনা ট্রাকসমূহৰ পৰা সেই স্থানতে অতিৰিক্ত কয়লা আনলোড কৰা হ’ব৷ এই ব্যৱস্থা পৰীক্ষামূলকভাৱে অহা ২০২২ বর্ষৰ ৩১ মার্চলৈকে চলিব৷ এই সময়ছোৱাত যদি কোনো দুষ্টচক্রই অনিয়মৰ সুৰুঙা উলিয়ায়, তেতিয়া হ’লে অনাগত দিনত চৰকাৰে নতুন ধৰণে বিষয়টো চিন্তা কৰি পদক্ষেপ গ্রহণ কৰিব৷

মুখ্যমন্ত্রী, বিত্তমন্ত্রী আৰু পৰিবহণ মন্ত্রীয়ে এই ব্যৱস্থাৰ পর্যবেক্ষণ কৰিব৷ কয়লাক লৈ চলি অহা দুর্নীতিকে ধৰি ছিণ্ডিকেট ব্যৱস্থা নোহোৱা কৰাৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷ সেইদৰে এতিয়াৰে পৰা ছাগলীয়া গেটেৰে কোনোধৰণৰ কয়লা পৰিবাহী ট্রাক আহযাহ কৰিবলৈ নিদিয়াৰো আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷

মন্ত্রী হাজৰিকাই জানিবলৈ দিয়া মতে, মেঘালয়ৰ পৰা অহা কয়লাৰ ট্রাকসমূহ বৰাক উপত্যকাৰ দীঘৰখাল গেটেৰে অসমত প্রৱেশ কৰে৷ সেইদৰে অসমৰ পৰা বহিঃৰাজ্যলৈ যোৱা কয়লাৰ ট্রাকসমূহ শ্রীৰামপুৰ আৰু ছাগলীয়া গেটেৰে যায়৷ ছাগলীয়া গেটেৰে কয়লাৰ ট্রাক আহযাহত বাধা আৰোপ কৰি বহিঃৰাজ্যলৈ যাবলগীয়া ট্রাকসমূহ শ্রীৰামপুৰ গেটেৰে যোৱাৰ ব্যৱস্থা কৰা হৈছে৷ সেয়ে চৰকাৰে দীঘৰখাল আৰু শ্রীৰামপুৰ গেটত কয়লা পৰিৱাহী ট্রাকসমূহ ওজন কৰাৰ ব্যৱস্থা কৰিছে, যাতে অতিৰিক্ত বোজা কঢ়িওৱা ট্রাক চলাচল কৰিব নোৱাৰে৷ মূলতঃ কয়লাক কেন্দ্র কৰি চলি অহা ছিণ্ডিকেটকে ধৰি সকলো অবৈধ কাম–কাজ বন্ধ কৰাৰ বাবে অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে মঙলবাৰে এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ 

You might also like