নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নিৰ্বাচনত অস্তিত্বহীন বিৰোধীক কটাক্ষ ৰাজ্যিক বিজেপিৰ

“কাৰ্যতঃ বিৰোধীশূন্য হৈ পৰিছে অসমৰ ৰাজনীতি। বিৰোধী ৰাজনৈতিক দলৰ মিত্ৰতাৰ প্ৰসংগ এতিয়া সংবাদ মাধ্যমত চর্চা হোৱা বিষয়হে কেৱল। প্ৰকৃততে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত কোনো ৰাজনৈতিক মিত্ৰতা বা ৰাজনৈতিক সহমত নাই। এই কথাটো আজি পুনৰবাৰ স্পষ্ট হৈ পৰিল ৰাজ্যসভা নিৰ্বাচনৰ ক্ষেত্ৰত অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ নিষ্ক্রিয় ভূমিকাত।”- এই মন্তব্য অসম প্রদেশ বিজেপিৰ মুখপাত্র কমল কুমাৰ মেধিৰ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মুখপাত্র মেধিয়ে আৰু কয় যে শেহতীয়াকৈ খালী হোৱা অসমৰ তিনিখন ৰাজ্যসভা আসনৰ ক্ষেত্ৰত বিৰোধী দলসমূহে যুঁজ কৰিবলৈকে আগবাঢ়ি নাহিল।

‘যুঁজ এখন হ’ব’ বুলি দিনে-ৰাতিয়ে শ্লোগান আওৰাই থকা কংগ্ৰেছ দলে ৰাজ্যসভা নিৰ্বাচনত যুঁজ কৰাটো বাদেই, যুদ্ধক্ষেত্ৰৰ শতযোজন দূৰৈতহে অৱস্থান গ্রহণ কৰিলে। এক কথাত ক’বলৈ গ’লে ৰাজ্যসভা নিৰ্বাচনত পলায়নৰ ৰাস্তা ল’লে কংগ্ৰেছকে ধৰি সকলো বিৰোধী ৰাজনৈতিক দলে।

ৰাজ্যসভাৰ প্ৰথম আৰু দ্বিতীয় আসন দুখন শাসক দলে লাভ কৰাটো সংখ্যাৰ দিশৰ পৰা অৱশ্যম্ভাবী আছিল যদিও তৃতীয়খন আসনৰ ক্ষেত্ৰত সকলো বিৰোধী দল একত্ৰিত হৈ যুঁজ কৰাৰ সুযোগ আছিল। হৰা বা জিকাটো ৰাজনীতিৰ এটা এৰাব নোৱাৰা বাস্তৱতা যদিও ৰাজ্যসভাৰ তৃতীয়খন আসনত বিৰোধীয়ে তেওঁলোকৰ মাজত থকা মিত্ৰতাৰ দিশটো ৰাইজৰ সন্মুখত তুলি ধৰিব পাৰিলেহেঁতেন।

বিবৃতিটোত মুখপাত্র মেধিয়ে ৰাজ্যসভাৰ মনোনয়ন পত্র দাখিল কৰিবলৈ বিৰোধী দলসমূহ অসমৰ্থ হোৱা কথাটোৱে ৰাজ্যখনত বিৰোধী ৰাজনীতিৰ যে এতিয়া কোনো অস্তিত্ব নাই, তাকেই প্রমাণ কৰিলে বুলি উল্লেখ কৰে।

আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহ যে বাস্তৱ ক্ষেত্ৰত একত্রিত হ’ব নোৱাৰে, ৰাজ্যসভা নিৰ্বাচনৰ শেহতীয়া ৰাজনীতিয়ে তাকো উদঙাই দিলে বুলি বিবৃতিটোত মেধিয়ে কটাক্ষ কৰে।

ডিজিটেল ডেস্ক, ৫ মার্চ

You might also like