নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিও হিচাপ দাখিল নহ’ল সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ

সাহিত্য চৰ্চাতকৈ অন্য বিতৰ্কিত কামৰ দ্বাৰাহে সদায় বাতৰিৰ শিৰোনাম দখল কৰি অহা অসম সাহিত্য সভাৰ এবছৰ পূৰ্বে পাঠশালাত অনুষ্ঠিত সপ্তসপ্ততিতম অধিৱেশনৰ আজি পৰ্যন্ত কোনো হিচাপেই ৰাজহুৱা নোহোৱাত বজালীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত যোৱা বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ এক বিয়াগোম বাজেট সাপেক্ষে অসম সাহিত্য সভাৰ সপ্তসতিতম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল৷

অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ বাবে বিভিন্ন স্থানৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰি কোটি কোটি টকাৰ বাজেটেৰে সফলতাৰে অনুষ্ঠিত হয় এই অধিৱেশন৷ কিন্তু দুৰ্ভাগ্যজনক বিষয় যে এই কোটি কোটি ব্যয় কৰি অনুষ্ঠিত কৰা অধিৱেশনৰ এটা বছৰ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত ৰাজহুৱা হিচাপ দাখিল কৰিবলৈ উদযাপন সমিতি সক্ষম নহ’ল৷

যাৰ পৰিপ্ৰেক্ষিতত বজালীৰ সুশিক্ষিত ৰাইজে মুখ খুলি প্ৰতিবাদ নকৰিলেও বিষয়টোৰ সন্দৰ্ভত তুহ জুইৰ দৰে উমি উমি জ্বলি আছে৷ অসম সাহিত্য সভাক প্ৰকৃতাৰ্থত ভালপোৱা সকলক হিচাপ দাখিল নকৰাৰ বিষয়টোৱে মনোকষ্ট দিয়াৰ লগতে পাঠশালাবাসী হিচাপে দুখ পোৱা বুলি একা সচেতন ব্যক্তিয়ে সংবাদ মাধ্যমক ব্যক্ত কৰিছে৷

সুবৃহৎ অনুষ্ঠানটোৰ হিচাপ সংক্ৰান্তীয় বিষয়টো কি কাৰণ গেঠেলা মাৰিলে সেয়া যেন এক ৰহস্য বিষয় হৈ পৰিছে৷ স্মৰ্তব্য যে বজালীৰ ৰাইজে এক ৰাজহুৱা সভাৰ দ্বাৰা স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক উপযুক্ত ব্যক্তি বিবেচনা কৰি অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ উদযাপন সমিতিৰ সভাপতি পদত সৰ্বসন্মতিক্ৰমে মনোনীত কৰিছিল৷

ৰাইজে আশা কৰিছিল যে সকলো কাম কোনে ধৰণৰ বিতৰ্ক নোহোৱাকৈ নিয়াৰিকৈ সমাপন হব৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও সংবাদমেল যোগে ঘোষণা কৰিছিল যে অধিৱেশনৰ সম্পন্ন হোৱাৰ দুদিন পিছতেই ৰাজহুৱাভাৱে প্ৰদান কৰা হব অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সকলো হিচাপ৷

তৎসত্তেও এটা বছৰ অতিক্ৰম কৰাৰ পিছতো আদৰণী সমিতিৰ সভাপতিয়ে কিয় আজি প্ৰৰ্যন্ত হিচাৰ দাখিল কৰা নাই বা কৰিব পৰা নাই তাক লৈ বজালীত সৰ্বত্ৰে চৰ্চা চলা পৰিলক্ষিত হৈছে৷

আনহাতে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ ৰাহি ধনেৰে পাঠশালাৰ মাজেৰে বৈ যোৱা বিষন্নলা জানটোৰ লেতেৰা পৰিৱেশ সলনি কৰি সৌন্দৰ্যবৰ্ধন, পাঠশালা সাহিত্য সভাৰ প্ৰেক্ষাগৃহৰ মেৰামতিকে আদি কৰি বিভিন্ন উন্নয়নমুলক কাম কৰা হব বুলি খোদ আদৰণী সমিতিৰ সভাপতিগৰাকীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল৷

কিন্তু এইবোৰ সকলো ঘোষণা ঘোষণা হৈয়েই থাকিল৷ কিয়নো আদৰণী সমিতিয়ে আজি পৰ্যন্ত হিচাপেই দাখিল কৰিবলৈ সক্ষম নহ’ল৷ অধিৱেশনৰ বাবে বিভিন্ন উৎসৰ পৰা ব্যাপক হাৰত সংগ্ৰহ কৰা দান বৰঙনি আদিৰ কথাও ৰাইজক আজিলৈ অৱগত কৰা কিয় নহ’ল সেই প্ৰশ্নৰ উত্তৰ নাই আদৰণী সমিতিৰ হাতত৷

ইয়াৰ উপৰি উদযাপন সমিতিৰ কেবাখনো উপ সমিতিয়ে আজিলৈকে প্ৰাপ্য ধন নোপোৱা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে একাংশ উপ সমিতিয়ে উদযাপন সমিতিক নিজৰ খৰচৰ হিচাপ প্ৰদান কৰাৰ পিছতো কিয় আদৰণী সমিতিয়ে হিচাপ দাখিল কৰিব পৰা নাই বুলি উপ সমিতিৰ একাংশ বিষযববীয়াই আক্ষেপ কৰিছে৷

আনহাতে অধিৱেশনত সাহিত্য সভাৰ তৰফৰ পৰা কিমানখন গ্ৰন্থ প্ৰকাশ কৰা হৈছিল, প্ৰতিখন গ্ৰন্থৰ কিমানটাকৈ সংখ্যা ছপা কৰা হৈছিল আৰু ক’ত কেনেদৰে বিতৰণ কৰা হৈছিল এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ অপাৰগ আদৰণী সমিতিৰ লগতে প্ৰকাশন উপসমিতি৷

আনকি খোদ অসম সাহিত্য সভাৰ পাঠশালা সমিতিয়েই আজি পৰ্যন্ত নাপালে প্ৰকাশিত গ্ৰন্থসমূহৰ এটাকৈ কপি৷ উল্লেখ্য যে অসম সাহিত্য সভা পাঠশালা অধিৱেশনৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ তৎপৰতাত পাঠশালা সাহিত্য সভাৰ তিনিমহলীয়া গৃহটো নিৰ্মাণ কৰি মুকলি কৰা হৈছিল যদিও তাৰ বহুকেইটা কক্ষ আজি পৰ্যন্ত আদৰণী সমিতিয়ে নিজৰ জিম্মাত ৰাখি বন্ধ কৰি থৈছে৷

পাঠশালা সাহিত্য সভাৰ নিজাকৈ এটা সুবৃহৎ ভৱন নিৰ্মাণ হ’ল যদিও আজিও এই বন্ধ কোঠাকেইটা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশনৰ আদৰণী সমিতিয়ে এৰি নিদিয়াৰ ফলত বহু আহুকালৰ সন্মুখীন হৈছে পাঠশালা সাহিত্য সভা৷

ইপিনে অধিৱেশন সমাপ্তৰ সম্পুৰ্ণ এটা বছৰ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত হিচাপ দাখিল নোহোৱাৰ পৰিপ্ৰেক্ষিততো কিহৰ বাবে মৌনতা অৱলম্বন কৰিছে ড০ বসন্ত কুমাৰ গোস্বামী নেতৃত্বাধীন অসম সাহিত্য সভাই?

এই ক্ষেত্ৰত তেওঁলোকৰ কোনো দায়িত্ব নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে বজালীৰ ৰাইজে৷ কেৱল পদবীৰ বাবে খোৱা কামোৰাক লৈ ব্যস্ত থকা অসম সাহিত্য সভাক অসমৰ জাতীয় সংগঠন বুলি কবলৈ যেন লজ্জা বোধ কৰা হৈছে সাহিত্য প্ৰেমী ৰাইজে৷৷

এনে এক প্ৰেক্ষাপটতে কোটি কোটি টকাৰ বাজেটেৰে সমাপ্ত কৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশনৰ হিচাপ অনতি পলমে ৰাজহুৱাভাৱে প্ৰদান কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে আদৰণী সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক৷

নিয়মীয়া বাৰ্তা, পাঠশালা, ৫ মাৰ্চ

You might also like