নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ গুলীত আহত ভূ–মাফিয়া ৰমেন

🔹 মাটিৰ ভুৱা নামজাৰি চক্রৰে সম্পর্ক

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰ : ভূ–মাফিয়াৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ মাৰণাস্ত্র৷ প্রকৃত মাটিৰ গৰাকীক বঞ্চিত কৰি ভুৱা নামজাৰিৰে নিশাটোৰ ভিতৰতে এজনৰ মাটি আনজনক বিক্রী কৰি কোটি কোটি টকা সৰকোৱা প্রৱঞ্চক চক্রটোৰ বিৰুদ্ধে মহানগৰ আৰক্ষী–অপৰাধ শাখাই বিগত কেইদিনমানত অভিযান চলাই ৫জনকৈ লোকক গ্রেপ্তাৰ কৰাৰ পিছতে পৰহি নিশাও মহানগৰীৰ লালুংগাঁৱত অভিযান অব্যাহত ৰাখিছিল৷ দীর্ঘদিন ধৰি মহানগৰীৰ ভূমি দখলেৰে একপ্রকাৰ সন্ত্রাস সৃষ্টি কৰা লালুংগাঁৱৰ ৰমেন মদাহি নামৰ ভূ–মাফিয়াজনক কৰায়ত্ত কৰিবলৈ পৰহি নিশা সক্ষম হয় মহানগৰ আৰক্ষী৷ কিন্তু আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰাৰ লগতে মাফিয়া ৰমেন মদাহিয়ে আৰক্ষীক আক্রমণ কৰে৷ তাৰ পিছতে আক্রমণৰ পৰা আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে ভূ–মাফিয়াজনলৈ উদ্দেশ্যি গুলীবর্ষণ কৰে৷ আৰক্ষীৰ সৈতে হোৱা এই সংঘর্ষত ভূ–মাফিয়া ৰমেন মদাহিয়ে সোঁভৰিত গুলী লাগি আঘাতপ্রাপ্ত হয়৷ তাৰ পিছতে ভূ–মাফিয়াজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে লৈ যায় মহানগৰ আৰক্ষীয়ে৷ সম্প্রতি জিএমচিএইচত চিকিৎসাধীন ভূ–মাফিয়া ৰমেন মদাহিৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমক সদৰী কৰা মতে, ভুৱা ভূমি নথি সন্দর্ভত চাইবাৰ আৰক্ষী থানাত ইতিমধ্যে ৰুজু হোৱা ১২/২৩ নম্বৰৰ অধীনত এই অভিযান চলোৱা হৈছিল৷ মহানগৰীৰ বিভিন্ন প্রান্তত সক্রিয় হৈ থকা মাটিৰ দালালক লক্ষ্য কৰি এই অভিযান আৰম্ভ কৰা হৈছে৷ আৰক্ষীৰ আন এক সূত্রৰ পৰা জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ মাটিৰ দালাল চক্রৰ অন্যতম মাফিয়া ৰমেন মদাহি৷ ভুৱা নামজাৰিৰে আন লোকৰ মাটি হস্তগত কৰা প্রতিক্রিয়াশীল চক্রটোৰ অন্যতম অংশীদাৰ ৰমেন মদাহিয়ে বিভিন্ন সময়ত মাটিৰ জালিয়াতি কার্যত নিজৰ ধন বিনিয়োগ কৰিছিল৷ শেহতীয়াকৈ অপৰাধ শাখা আৰু মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত কার্যালয়ৰ উপ–পঞ্জীয়ন শাখাৰ কনিষ্ঠ সহায়ক নিতুল দাসৰ অন্যতম সহযোগী আছিল ৰমেন মদাহি৷ আৰক্ষীৰ জালত পৰা ভুৱা নামজাৰি চক্রটোৰ অন্যতম অভিযুক্ত তথা অধিবক্তা মইনুল হকে আৰক্ষীৰ জেৰাত ৰমেন মদাহিৰ নাম প্রকাশ কৰিছিল৷ ধৃত ৰমেন মদাহিয়ে বিভিন্ন সময়ত ছন পৰি থকা মহানগৰীৰ বিভিন্ন প্রান্তৰ মাটিৰ খবৰ দি তেওঁলোকক সহায় কৰাৰ লগতে জালিয়াতি সম্পূর্ণ হোৱাৰ পিছত সেই মাটি দখল কৰাত আগভাগ লৈছিল বুলি অধিবক্তা মইনুল হকে জেৰাত স্বীকাৰ কৰিছে বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে৷ সেইমর্মে আৰক্ষীয়ে পৰহি নিশা ৰমেন মদাহিক কৰায়ত্ত কৰি এই চক্রটোৰ সৈতে আন কোন কোন লোক জড়িত হৈ আছে, সেয়া উলিওৱাৰ বাবে প্রয়াস কৰিছিল৷ আৰক্ষীয়ে তেওঁক বিচাৰি থকাৰ সম্ভেদ পূর্বে লাভ কৰি পশ্চিমবংগ অভিমুখে পলাই যোৱাৰ বাবে সাজু হৈছিল ৰমেন মদাহি৷ পৰহিয়েই পলাই যোৱাৰ বাবে সকলোখিনি ব্যৱস্থা ৰমেন মদাহিয়ে কৰি থৈছিল৷ কিন্তু আৰক্ষীয়ে গোপন সূত্রৰ খবৰৰ ভিত্তিত লখৰাৰ লালুংগাঁৱত অভিযান চলাই ভূ–মাফিয়াজনক গ্রেপ্তাৰ কৰে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, চক্রটোৰ সৈতে জড়িত আন কেইবাজনো দালাল তথা চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ শীঘ্রেই আন কেইবাজনো লোক আৰক্ষীৰ জালত পৰিব৷

You might also like