নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰকাশীৰ সুৰংগ বিপর্যয় : উলম্বভাৱে ৩১ মিটাৰ সুৰংগ খনন সেনাৰ

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰ : উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কিয়াৰা হ্রদত আবদ্ধ ৪১ শ্রমিকৰ উদ্ধাৰ অভিযানে ১৬ দিনত ভৰি দিলে৷ বিগত ১৪ দিন ধৰি সুৰংগৰ ভিতৰত উচ্চ ক্ষমতাসম্পন্ন ড্রিলিং মেচিনেৰে উদ্ধাৰ অভিযান চলাই আছিল যদিও শিল–বালিৰ ধ্বংসস্তূপত অগাৰ ড্রিলিং মেচিনৰ ব্লেড ভাগি যোৱাত সেই অভিযান স্থগিত ৰাখিবলগীয়া হয়৷ সুৰংগৰ ভিতৰেৰে উদ্ধাৰ অভিযান চলাই ব্যর্থ হোৱাৰ পিছত কালিৰে পৰা উলম্বভাৱে মেনুৱেলী উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে৷ সুৰংগৰ উপৰিভাগত সেনাৰ সহযোগত মেনুৱেলী উদ্ধাৰ অভিযান আৰম্ভ কৰি ইতিমধ্যে ৩১ মিটাৰ খনন কৰিবলৈ সক্ষম হৈছে৷ ছিল্কিয়াৰা হ্রদত আবদ্ধ ৪১ শ্রমিকক উদ্ধাৰ কৰিবলৈ মেনুৱেলী অভিযান আৰম্ভ কৰিছে যদিও এই শ্রমিকক কেতিয়ালৈ উদ্ধাৰ কৰিব পাৰিব, তাৰ সময়সীমা নিশ্চিত কৰিব পৰা নাই উদ্ধাৰকাৰী দলে৷ যোৱা ১২ নৱেম্বৰত ভূমিস্খলনৰ ফলত ছিল্কিয়াৰা–ডাণ্ডল গাঁও সুৰংগত শিল–বালি খহি আহি ৬০ মিটাৰ ধ্বংসস্তূপৰ বাবে সুৰংগটোৰ মাজত ৪১জন শ্রমিক আবদ্ধ হৈ পৰিছিল ৷ এই শ্রমিকক উদ্ধাৰৰ বাবে উক্ত দিনাৰে পৰা অভিযান চলাই আহিছে৷ কালিৰে পৰা মেনুৱেলী আৰম্ভ কৰা উদ্ধাৰ অভিযানত উদ্ধাৰৰ আশা কৰা হৈছে যদিও বৰষুণ আৰু তাপমাত্রা হ্রাসে জটিলতাৰ সৃষ্টি কৰিব পাৰে৷ আনহাতে, অঞ্চলটোৰ তাপমাত্রাও চাৰি ডিগ্রী চেলচিয়াছ হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ এনে হ’লে সুৰংগটোত আবদ্ধ শ্রমিকক উদ্ধাৰ অভিযানত ব্যাঘাত জন্মাটো নিশ্চিত৷ আনপিনে, আবদ্ধ শ্রমিকক উদ্ধাৰ অভিযান চলাই থকাৰ সমান্তৰালকৈ সুৰংগটোৰ ভিতৰত যাতে শ্রমিকসকল সুস্থ আৰু সুৰক্ষিত হৈ থাকিব পাৰে, তাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে৷ ধ্বংসস্তূপৰ মাজেৰে ৯০০ এম এম আৰু ৮০০ এম এম পাইপ বহুৱাই আবদ্ধ শ্রমিকৰ সৈতে বিভিন্ন প্রকাৰে যোগাযোগ অব্যাহত ৰাখিছে৷ সুৰংগৰ মাজেৰে অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰি থকাৰ সমান্তৰালকৈ মাইক্র’ফোন যোগান ধৰিছে৷ ইয়াৰ জৰিয়তে আবদ্ধ শ্রমিকসকলৰ মানসিক স্থিতি দৃঢ় কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ বাহিৰৰ পৰা আবদ্ধ শ্রমিকৰ সৈতে এই মাইক্র’ফোনেৰে বার্তালাপ কৰি তেওঁলোকক সাহস দি থকা হৈছে৷ পাইপেৰে আবদ্ধ শ্রমিকলৈ অ’ আৰ এছ পাউডাৰ, আই ড্রপ, ভিটামিন টেবলেট আৰু এনার্জী ড্রিংক যোগান ধৰা হৈছে৷ তদুপৰি ড্রাই ফ্রুইটছ আৰু বিস্কুটো দি থকা হৈছে৷ টুথপেষ্ট, ব্রাছ, টাৱেল, কাপোৰ আদিও যোগান ধৰি থকা হৈছে৷ তেনেদৰে চলচ্চিত্র আৰু ভিডিঅ’ গেম থকা ম’বাইল ফোন যোগান ধৰা হৈছে৷ উক্ত সুৰংগটোত থকা জিঅ’ টেক্সটাইল ছীটৰ জৰিয়তে আবদ্ধ শ্রমিকসকলক শোৱাৰ ব্যৱস্থা কৰি আছে৷ স্বাস্থ্য সঠিক আৰু মনৰ দৃঢ়তা সজীৱ কৰি ৰাখিবলৈ যোগ, শাৰীৰিক অনুশীলন আৰু খোজ কাঢ়িবলৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ আবদ্ধ শ্রমিকসকলে পুৱা আৰু সন্ধিয়া এই পৰামর্শ মানি নিজক সবল কৰি ৰাখিছে৷ তাৎপর্যপূর্ণ যে প্রায় দুই কিলোমিটাৰজোৰা সুৰংগটোত এক স্থান আছে, য’ত শ্রমিকসকল আবদ্ধ হৈ আছে৷ এই সুৰংগটোত সম্প্রতি ২২ ডিগ্রীৰ পৰা ২৪ ডিগ্রী চেলচিয়াছলৈ তাপমাত্রা আছে৷ এনে কাৰণত বিশেষ গৰম কাপোৰৰ প্রয়োজন হোৱা নাই৷ যদি তাপমাত্রা হঠাতে হ্রাস পায় তেতিয়াহ’লে গৰম কাপোৰৰ প্রয়োজন হ’ব ৷ উল্লেখ্য যে সুৰংগটোৰ ভিতৰত সোমাই ধ্বংসস্তূপ আঁতৰাই উদ্ধাৰৰ চেষ্টা চলোৱাত ব্যৱহূত ভগ্ন অগাৰ ড্রিলিং মেচিন বাহিৰলৈ উলিয়াই অনা হৈছে৷ অর্থাৎ সুৰংগটোৰ ভিতৰেৰে উদ্ধাৰ অভিযানৰ আশা সম্প্রতি নির্বাপিত হৈছে৷ এনে পৰিপ্রেক্ষিতত উলম্বভাৱে খনন কৰিয়েই এই আবদ্ধ শ্রমিকক মুকলি কৰি আনিব লাগিব৷ সেনাৰ সহযোগত চলি থকা এই মেনুৱেল ড্রিলিং অভিযান পৰিদর্শন কৰিবলৈ কালি কেন্দ্রীয় মন্ত্রী ভি কে সিং ঘটনাস্থলীত উপস্থিত হৈছে৷ সুৰংগস্থলীত উপনীত হোৱাৰ পূর্বে মন্ত্রীগৰাকীয়ে মন্দিৰত পূজা–অর্চনা কৰি শ্রমিকক উদ্ধাৰ অভিযানৰ সফলতা কামনা কৰে ৷ ৰাষ্ট্রীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন কর্প’ৰেচন লিমিটেডে চলাই থকা মেনুৱেল ড্রিলিং অভিযান অহা ৩০ নৱেম্বৰৰ ভিতৰত সম্পূর্ণ হ’ব বুলি আশা ব্যক্ত কৰিছে৷ অৱশ্যে এই অভিযানৰ ওপৰত বৰষুণে প্রভাৱ পেলাব পাৰে৷ ইপিনে, ৰাজ্যখনৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীৰ সৈতে উদ্ধাৰ অভিযানৰ সমগ্র তথ্যৰ বুজ লৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

You might also like