নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰবিন্দ কেজৰিৱালক অন্তৰ্ৱর্তী জামিন উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ মে’ : দিল্লীৰ মুখ্যমন্ত্রী অৰৱিন্দ কেজৰিৱাললৈ সাময়িক সকাহ৷ দিল্লী আবকাৰী নীতি কেলেংকাৰি সম্পর্কিত পিএমএলএ গোচৰত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে গ্রেপ্তাৰ কৰা, দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা মুখ্যমন্ত্রী কেজৰিৱালক আজি উচ্চতম ন্যায়ালয়ে অন্তৱর্তী জামিন মঞ্জুৰ কৰে৷ যোৱা ২১ মার্চত মুখ্যমন্ত্রীৰ বাসভৱনৰ পৰা ইডিয়ে গ্রেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে ইডিৰ গ্রেপ্তাৰৰ প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত আজি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এক জুনলৈ অন্তৱর্তী জামিন মঞ্জুৰ কৰে৷ ন্যায়াধীশ সঞ্জীব খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে অন্তৱর্তী জামিন মঞ্জুৰ কৰি কেজৰিৱালক ২ জুনত কাৰাগাৰত আত্মসমর্পণ কৰিবলৈ নির্দেশ দিয়ে৷ ইডিয়ে মুখ্যমন্ত্রী কেজৰিৱালৰ অন্তৱর্তী জামিনক লৈ আপত্তি জনালেও বিচাৰপীঠে লোকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এই জামিন মঞ্জুৰ কৰে৷ বিচাৰপীঠে কয় যে আমি কোনো সাধাৰণ ৰেখা টানিব বিচৰা নাই৷ তেওঁক মার্চ মাহত গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ পূর্বে কিম্বা পাছতো তেওঁক গ্রেপ্তাৰ কৰিব পৰা গ’লহেঁতেন৷ এতিয়া ২১ দিন ইয়াত আৰু তাত কোনো পার্থক্য নাই৷

You might also like