নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত প্ৰচেষ্টাত কাঠৰ দলং মেৰামতি এমচিএলএ প্ৰকাশ বসুমতাৰীৰ

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : কোকৰাঝাৰ জিলাৰ মোৱামাৰী নৈৰ ওপৰৰ কাঠৰ দলংখন দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা বাতৰি নিয়মীয়া বাৰ্তাত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত বিটিচিৰ দোতমা সমষ্টিৰ এমচিএলএ প্ৰকাশ বসুমতাৰীয়ে ব্যক্তিগতভাৱে মোৱামাৰী নৈৰ ওপৰত থকা জৰাজীৰ্ণ  কাঠৰ দলঙৰ ওপৰেদি বাঁহৰ হাদলা বনাই দি ৰাইজৰ যাতায়াত সুচল কৰি তোলে । বিটিচিৰ দোতমা সমষ্টিৰ এমচিএলএ প্ৰকাশ বসুমতাৰীয়ে জৰাজীৰ্ণ দলংখন মেৰামতি কৰি দি ৰাইজৰ যাতায়াত সুচল কৰি তোলাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিটিচিত প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ একো উন্নয়ন কৰিব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰে । প্ৰমোদ বড়োৱে ২০২০ চনৰ পৰা বিটিচি অঞ্চলৰ উন্নয়নৰ বাবে বহু কোটি টকা খৰচ কৰিবলৈ সুবিধা লাভ কৰিছে যদিও আজিলৈকে কোনো ডাঙৰ আঁচনি ৰূাপায়ণ কৰিব পৰা নাই । যাৰ বাবে এতিয়া বিটিচি অঞ্চলত উন্নয়ন স্তব্ধ হৈ পৰিছে । সেইবাবে ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে বিপিএফ দলৰ এমচিএলএ প্ৰকাশ বসুমতাৰীয়ে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like