নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত প্ৰায় ৩ লাখ গছপুলি ৰোপণেৰে অমৃত বৃক্ষ আন্দোলন

🔹 মাধাপুৰ ভি জি আৰ ভূমিত আয়োজিত গছপুলি ৰোপণৰ শুভ উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
বিশেষ বাৰ্তা,  ১৭ ছেপ্টেম্বৰ : ৰাজ্যব্যাপী ৰূপায়িত অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি আজি নলবাৰী জিলাতো প্ৰায় ৩ লাখ গছপুলি ৰোপণৰ প্ৰয়াস কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী উদ্যোগৰ অধীনত এদিনতে ১ কোটি বাণিজ্যিক গছপুলি ৰোপণেৰে গীনিছ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ নাম পঞ্জীয়নৰ উদ্দেশ্যে লোৱা হৈছে এই পদক্ষেপ। ইয়াৰ অংশ হিচাপে জিলাখনত অমৃত বৃক্ষ আন্দোলন অভিযানৰ কাৰ্যকৰীকৰণ নিশ্চিত কৰাৰ বাবে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ তদাৰকীত জিলা সামাজিক বনানীকৰণ বিভাগৰ অধীনত জিলাখনৰ অন্যান্য সকলো চৰকাৰী বিভাগ তথা সমাজৰ সকলো স্তৰৰ লোকৰ সহযোগত প্ৰায় ৩ লাখ গছপুলি ৰোপণৰ প্ৰচেষ্টা আজি হাতত লোৱা হয়। জিলাখনৰ আত্মসহায়ক গোট, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু জিলাখনৰ অন্যান্য সকলো পঞ্জীভুক্ত বাসিন্দাই এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু নিজ নিজ চৰকাৰী আৰু আৱাসিক চৌহদত প্ৰত্যেকে ২টাকৈ গছপুলি ৰোপণ কৰে। ইয়াৰ উপৰি জিলাখনৰ শিক্ষানুষ্ঠানসমূহত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ এশ শতাংশ সক্ৰিয় অংশগ্ৰহণ নিশ্চিতকৰণেৰে বৃক্ষৰোপণ  কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নলবাৰী জিলাত বিশেষকৈ অগৰু, মহানিম, মেহগনী, চিচু আদি বিভিন্ন প্ৰজাতিৰ বাণিজ্যিক উদ্ভিদ ৰোপণ কৰা হয়। ইপিনে,অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ পৰিকল্পনাৰে নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মৰোৱা-মাধাপুৰ নতুন বজাৰ এলেকাৰ সমীপৰ ভি জি আৰ ভূমিত আয়োজিত বিশেষ বৃক্ষৰোপণ কাৰ্য্যসূচী উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জিলা আয়ুক্তগৰাকীয়ে ৩১ বিঘাজুৰি থকা ভি জি আৰ ভূমিখণ্ডত বৃক্ষৰোপণ কৰি সেউজ বেৰৰ দ্বাৰা আৱৰি ৰাখি ইয়াৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আজিৰ এই বিশেষ কাৰ্য্যসূচীৰ আয়োজন কৰে। ইয়াৰ উপৰি এই বৃক্ষৰোপণে ইয়াৰ চৌপাশৰ সমাজখনক ভৱিষ্যতে এক স্বাস্থ্যকৰ সেউজ পৰিৱেশ দিয়াৰ লগতে অৰ্থনৈতিকভাৱে সক্ষমতা বৃদ্ধি কৰিব বুলি জিলা আয়ুক্ত ডেকাই আশা প্ৰকাশ কৰে। তদুপৰি, এই ভূমিসমূহ বেদখলমুক্ত কৰি ৰখাৰ বাবেও এনে সেউজীয়া বেৰৰ পদক্ষেপ অত্যন্ত প্ৰয়োজনীয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ গোলকীয় উষ্ণতাৰ সমস্যাই সকলোকে চিন্তিত কৰি তোলাৰ সময়ত এই বৃক্ষৰোপণে এক মহৌষধৰ কাম কৰিব বুলিও মন্তব্য কৰে।  লগতে এই গছপুলিসমূহৰ চোৱা-চিতা সঠিকভাৱে কৰাৰ বাবে সকলো সংশ্লিষ্টকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আজিৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত মুন গগৈ, অতিৰিক্ত আয়ুক্ত আশুতোষ ডেকা, সামাজিক বনানীকৰণ বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰী আৰু অন্যান্য সংশ্লিষ্টসকল উপস্থিত থাকে।
প্ৰেৰক অৰূপ বৰ্মন
You might also like