নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুছেংৰী হুঁচৰি দলৰ চোতাল বিহুৰ আখৰা

🔹 ঘিলামৰাত চোতাল বিহু উদযাপনেৰে যুৱপ্ৰজন্মই ধৰি ৰাখিছে বিহুৰ স্বকীয়তা

নিয়মীয়া বাৰ্তা,  ৯ এপ্ৰিল : প্ৰকৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ঋতু পৰিৱৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং৷ শীতে লঠঙা কৰা গছ-লতিকা বসন্তৰ আগমনৰ লগে লগে সেউজীয়া হৈ উঠিছে৷ ইয়াৰ লগে লগে বিহুবলিয়া অসমীয়াও সাজু হৈছে সেউজ বসন্তক আদৰণি জনাবলৈ। ৰাজ্যজুৰি এতিয়া চলিছে বিহু কৰ্মশালা।বিহুৰ প্ৰাকক্ষণত চৰ্চিত হৈছে ঘিলামৰাৰ এটা চেমনীয়া বিহু হুঁচৰি দল । জাতীয় সাজপাৰ পৰিধান কৰি হাতত ঢোল, পেঁপা, টকা আৰু মুখত এমোকোৰা হাঁহি লৈ এইজাক চেমনীয়া ব্যস্ত চোতাল বিহুৰ আখৰাত। কিছু ব্যতিক্ৰম এই দলটোৱে এতিয়া সমগ্ৰ ঘিলামৰাতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হুঁচৰি দলসমূহে মঞ্চ তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে বিহু আখৰাত ব্যস্ত হৈ আছে, সেই সময়ত ঘিলামৰাৰ বিভিন্ন প্ৰান্তৰ ৩০ৰো অধিক কিশোৰক লৈ গঠিত ‘ৰুছেংৰী হুঁচৰি দল’ৰ চেমনীয়া বিহুৱাসকলে বিহুত গৃহস্থৰ চোতালত বিহু মাৰি আশীৰ্বাদ দিয়াৰ যি পৰম্পৰা, সেই পৰম্পৰা অব্যাহত ৰখাৰ উদ্দেশ্যে এতিয়া চোতালত হুঁচৰিৰ আখৰাত ব্যস্ত থকা পৰিলক্ষিত হৈছে। উল্লেখ্য যে আধুনিকতাৰ ধামখুমীয়াত বছৰেকৰ বিহুৰ দিনা চোতালত হুঁচৰি জুৰি গৃহস্থক আশীৰ্বাদ প্ৰদানৰ অসমীয়া সমাজৰ যি পৰম্পৰা, সেয়াও প্ৰায় এতিয়া নাইকিয়া হোৱাৰ উপক্ৰম ঘটিছে ৷ তাৰ মাজতে আধুনিকতাৰ লগত খোজ মিলাই বিহু মঞ্চত প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ গৃহস্থৰ চোতালে চোতালে বিহু মাৰি পূৰ্বৰ ঐতিহ্য ৰক্ষা কৰাৰ স্বাৰ্থত আগবাঢ়ি আহিছে এইসকল চেমনীয়া। অধ্যয়নৰ সমান্তৰালকৈ ৰুছেংৰী হুঁচৰি দলৰ এইসকল কিশোৰে ঘিলামৰাৰ প্ৰসিদ্ধ বিহুৱা বসন্ত বৰুৱা, যদুমণি বৰুৱা আৰু প্ৰশান্ত চাংমাইৰ তত্ত্বাৱধানত বিগত দহ দিন ধৰি বিহু গীত, নাচ, ঢোল-পেঁপা-গগনা-সুতুলিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ইতিমধ্যে সকলো ক্ষেত্ৰতে পাৰ্গত হৈ উঠা প্ৰশিক্ষাৰ্থীসকলে এসময়ত অঞ্চলটোৰ লগতে জিলা আৰু সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব বুলি আশা প্ৰকাশ কৰিছে প্ৰশিক্ষক-অভিভাৱকসকলে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like