নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিপক কঁপালে ধোনী-অনুৰাগীয়ে : কাণত হাত থ’বলৈ বাধ্য হ’ল ৰাছেল

বিশেষ বাৰ্তা, ৯ এপ্ৰিল : প্ৰায় এঘাৰ মাহ পিছত খেলপথাৰলৈ ঘূৰি আহিল মহেন্দ্ৰ সিং ধোনী। চেন্নাই (চি এছ কে)ৰ অনুৰাগীসকলে ইমান দিনে এই দিনটোৰ বাবেই অপেক্ষা কৰি আছিল। চিপকৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কালি নিশা মাহীয়ে বেটখনেৰে বাইশ গজত অৱতৰণ কৰাৰ লগে লগে গণগৰ্জনৰ সৃষ্টি হয়। প্ৰিয় ক্ৰিকেটাৰগৰাকীয়ে খেলপথৰাত বেট লৈ নমাৰ লগে লগে তেওঁৰ অনুৰাগীসকলে ধোনী ধোনী চিঞৰিবলৈ আৰম্ভ কৰে। গোটেই ষ্টেডিয়াম ধোনী ধোনী গৰ্জনত কঁপি উঠে। ধোনীৰ প্ৰতি থকা অনুৰাগীৰ মৰম সকলোৱে একমুখে স্বীকাৰ কৰি আহিছে। অৱশ্যে এই গণগৰ্জনৰ সময়ত কেকেআৰৰ আন্দ্ৰে ৰাছেলে কাণত সোপা দিয়া পৰিলক্ষিত হয়। ধোনীৰ প্ৰতি থকা মৰমৰ চৰম প্ৰকাশ ঘটিল কলকাতাৰ বিৰুদ্ধে খেলখনত। সোমবাৰে প্ৰথমে বেটিং কৰি কেকেআৰ মাত্ৰ ১৩৭ ৰানত সীমাবদ্ধ আছিল। চি এছ কেৰ বেটছমেনে সহজেই দলটোক জয়ৰ মুখলৈ লৈ যায়। ধোনীয়ে যেতিয়া বেটিং কৰিবলৈ ওলাই আহিছিল, তেতিয়া চিপক ষ্টেডিয়াম ধোনী ধোনী চিঞৰত কঁপি উঠিছিল। শব্দৰ মাত্ৰা ১২৫ ডেচিবেল পৰ্যন্ত হয়। গোটেই খেলপথাৰখনতে ‘ধোনী, ধোনী’ আৰু ‘হুইচেল’ৰ শব্দ। উল্লেখযোগ্য যে চেন্নাইৰ অনুৰাগীসকলে খেলপথাৰত হুইচেল বজাই দলৰ সফলতাক উদযাপন কৰাৰ বাবে ‘হুইচেল বজোৱা’ সেনা বুলি জনা যায়। দৰ্শকৰ চিঞৰ শুনি আন্দ্ৰে ৰাছেলে কাণত হাত থ’বলৈ বাধ্য হয়। পিছত কেকেআৰৰ তাৰকাগৰাকীয়ে ইনষ্টাগ্ৰামত লিখিছে- “সহজতে ক’ব পাৰি যে ধোনী বিশ্বৰ প্ৰিয় ক্ৰিকেটাৰ।” বৰ্তমানৰ আই পি এলত ধোনীয়ে য’তেই বেটিং কৰিছে তাতেই তেওঁ দৰ্শকৰ মৰম লাভ কৰিছে। কালিৰ দিনটোতে চেন্নাইৰ অনুৰাগীসকলেও বুজাই দিলে যে ধোনী খেলপথাৰত থাকিলে, কেনেকৈ প্ৰতিপক্ষৰ আতংকত পৰিণত হয়।

You might also like