নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিবাৰী সত্ৰত চোৰৰ তাণ্ডৱ, একেনিশাই পাঁচটাকৈ বৈদ্যুতিক পানী পাম্প চুৰি

কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ আৰু মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰী সত্ৰ গাঁৱৰ পথাৰত চাঞ্চল্যকৰ চুৰিকাণ্ড | একে নিশাই চোৰে লৈ গ’ল খেতিত পানী দিয়া ৫টাকৈ বৈদ্যুতিক মটৰ। পথাৰত জলসিঞ্চনৰ বাবে স্থাপন কৰা পানীৰ পাম্পবোৰ নোহোৱা হোৱাত সংশ্লিষ্ট কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে |

নিশা পথাৰৰ পৰাই বৈদ্যুতিক তাঁৰ কাটি চোৰে পাম্পকেইটা লৈ উধাও হয় | গাঁওখনৰ ক্ৰমে পৰীক্ষিত বৰ্মন, মহানন্দ বৰ্মন, ৰমাকান্ত দাস, অজিত বৰ্মন আৰু খগেন বৰ্মন নামৰ কৃষককেইজনৰ পথাৰত নিশা সংঘটিত হয় এই চুৰিকাণ্ড | মটৰ চুৰি হোৱাৰ খবৰ পোৱাৰ মাত্ৰকে পথাৰত উপস্থিত হৈ কিংকৰ্তব্যবিমূঢ় হৈ পৰে প্ৰতিগৰাকী কৃষক | একেনিশাই ৫টাকৈ বৈদ্যুতিক পানী পাম্প চুৰি হোৱা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি ৷ আগলৈ আৰক্ষীক সক্ৰিয় হোৱাৰ আহ্বান অঞ্চলবাসী ৰাইজৰ।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২০ ফেব্ৰুৱাৰী :

You might also like