নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে সাগৰলৈ ভাৰতৰ তৃতীয় পাৰমাণৱিক ছাবমেৰিন ‘অৰিদমন’

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : আৰু মাথোঁ দুটা মাহ৷ তাৰ মাজতেই সমুদ্রৰ পানীত ভাসমান হ’ব ভাৰতৰ তৃতীয় পাৰমাণৱিক ছাবমেৰিন ‘অৰিদমন’৷

ধাৰণা কৰা হৈছে যে সম্প্রতি ভাৰত মহাসাগৰত যিদৰে চীনৰ নিৰীক্ষণ আৰম্ভ হৈছে তাৰ পোনপটীয়া উত্তৰ হ’বলৈ ওলাইছে এই শক্তিশালী ছাবমেৰিনখন৷ ইমান দিনে মাথোঁ দুখন পাৰমাণৱিক ছাবমেৰিন আছিল ভাৰতৰ৷ সেই দুখন হ’ল অৰিহন্ত আৰু অৰিঘাত৷

উল্লেখযোগ্য যে পাৰমাণৱিক ছাবমেৰিন মোটামুটি দুটা শ্রেণীত বিভক্ত৷ তাৰ ভিতৰত অন্যতম হ’ল চীপ ছাবমার্চিবল বেলেষ্টিক নিউক্লিয়াৰ বা এছএছবিএন৷ এইখন এফালে যিদৰে পাৰমাণৱিক শক্তিৰ দ্বাৰা চালিত তেনেদৰে পাৰমাণৱিক আক্রমণ চলাবলৈও সক্ষম৷ অৰিদমন নির্মাণ কৰিছে এলএণ্ডটিয়ে৷ বিশাখাপট্টনমৰ জাহাজ নির্মাণ কেন্দ্রত এইখন নির্মাণ কৰা হৈছে৷

You might also like