নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেৰ মাহজোৰা উৎকণ্ঠাৰ অৱসানঃ ৫,৬৮৬টা কেন্দ্রত ৱেব কাষ্টিং

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ৷ তৃতীয় পর্যায়ৰ নির্বাচনত সামৰি লোৱা হৈছে ৪০ বিধানসভা সমষ্টি৷ এই সমষ্টিকেইটাত প্রতিদ্বন্দ্বিতা কৰা ৩৩৭জন প্রার্থীৰ আজিৰ দিনটোত ভাগ্য নির্ণয় হ’ব৷

তৃতীয় পর্যায়ৰ নির্বাচনত অংশগ্রহণ কৰিবলগীয়া মুঠ ভোটাৰ হ’ল ৭৯,১৯,৬৪১জন৷ ইয়াৰে ৪০,১১,৫৩৯জন পুৰুষ হোৱাৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ৩৯,০৭,৯৬৩গৰাকী৷ তদুপৰি ১৩৯গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে৷ অর্থাৎ এই মুঠ ৭৯,১৯,৬৪১জন ভোটাৰে তৃতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৩৩৭জন প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷

ইফালে, নির্বাচন আয়োগে ৪০টা বিধানসভা সমষ্টিৰ বিপৰীতে ৬,১০৭ স্থানত মুঠ ১১,৪০১টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰিছে৷ ইয়াৰে ১৪৯টা হ’ব আদর্শ ভোটগ্রহণ কেন্দ্র৷ তৃতীয় পর্যায়ৰ নির্বাচনত ৮০ৰ ঊর্ধ্বৰ, বিশেষভাৱে সক্ষম আৰু নতুনকৈ অন্তর্ভুক্ত হোৱা ভোটাৰে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ কিয়নো মুঠ ৪০টা সমষ্টিৰ বিপৰীতে ৯৯,৪৭১জন ৮০ৰ ঊর্ধ্বৰ ৫৪,১৪৮জন বিশেষভাৱে সক্ষম আৰু ৪,১৮,৫৩৭জন নতুনকৈ অন্তর্ভুক্ত হোৱা ভোটাৰ আছে৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ দৰে তৃতীয় পর্যায়ৰ নির্বাচনতো কিছুসংখ্যক ভোটগ্রহণ কেন্দ্র কেৱল মহিলা বিষয়া–কর্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব৷ অন্তিম পর্যায়ৰ নির্বাচনত এনে ভোটগ্রহণ কেন্দ্রৰ সংখ্যা হৈছে ৩১৬টা৷ দিছপুৰ সমষ্টিত সর্বাধিক ৪,১১,৬৩৬জন ভোটাৰ থকাৰ বিপৰীতে ধর্মপুৰ সমষ্টিত আছে সর্বনিম্ন ১,৪১,৫৯২জন ভোটাৰ৷

তদুপৰি ৯৮৬জন মাইক্র’ অবজাৰভাৰে ভোটকেন্দ্রত ভোটদান প্রক্রিয়া প্রত্যক্ষভাৱে পর্যবেক্ষণ কৰিব৷ ৫০ শতাংশ ভোটকেন্দ্রত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ জৰিয়তে জিলা নির্বাচনী বিষয়া, অসমৰ মুখ্য নির্বাচনী বিষয়া আৰু নির্বাচন আয়োগে প্রত্যক্ষভাৱে ভোটগ্রহণ প্রক্রিয়া পর্যবেক্ষণ কৰিব৷

You might also like